অসমশীৰ্ষ

মাতৃ-কন্যাৰ শিৰত Mrs আৰু Miss Royal india earth 2018 ৰ তৃতীয় স্থানৰ খিতাপ

খেৰণিৰপৰা কনক দেউৰী, প্ৰথম খবৰ: MIHM নামৰ সংস্থাৰ উদ্যোগত যোৱা 29 মে’ত গুৰগাঁও sector 29 Royal Kingdom dreams, নতুন দিল্লীত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ME Raoyal India 2018 fashion show’ত পশ্চিম কাৰ্বি আংলঙৰ টেংকেৰা-লাংছ অঞ্চলৰ কেডাৰ ক্ৰামছা নামৰ এখন ভিতৰুৱা গাঁৱৰ নিবাসী মুখিম ক্ৰামছাৰ পত্নী ৰিনা টেৰণপী আৰু কন্যা চেৰ্মালিন ক্ৰামছাপীয়ে পূৰ্বতে খিতাপ অৰ্জন কৰা কিৰণ বড়োৰ নেতৃত্বত অংশ গ্ৰহণ কৰি কাৰ্বি আংলঙৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। উল্লেখ যে, মাতৃ ৰিনা তেৰনপীয়ে ME Royal India Earth Mrs 2018 fashion show প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ বিপৰীতে কন্যা চেৰ্মালিন ক্ৰামছাপীয়ে ME Royal India teen 2018 fashion show প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি মাতৃ-কন্যাই তৃতীয় স্থানৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে। পৰিপ্ৰেক্ষিতত আজি তৃতীয় স্থানৰ খিতাপ অৰ্জন কৰা ৰিনা তেৰনপী আৰু তেওঁৰ কন্যা চেৰ্মালিন ক্ৰামছাপীক পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত উষ্ম আদৰণি জনাইছে বিভিন্ন অ-ৰাজনৈতিক দল সংগঠনসমূহে। একে সময়তে মাতৃ-কন্যাই ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা এনে Fashion show প্ৰতিযোগিতাত অংশ কৰি তৃতীয় স্থানৰ খিতাপ অৰ্জন কৰাৰ কথাই জিলাখনৰ বাবে গৌৰৱৰ কঢ়িয়াই আনিছে আৰু উৎফুল্লিত কৰি তুলিছে পাহাৰীয়া জনতাক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close