অসম

মাৰ্ঘেৰিটাত কিশোৰক যৌন নিৰ্যাতন চলাই জেললৈ গ’ল ব্যৱসায়ী

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এজন প্ৰতিস্থিত ব্যৱসায়ী তথা টেইলৰৰ দ্বাৰা এজন কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাৰ বিৱৰণী মতে যোৱা ২০ জুনৰ নিশা মাৰ্ঘেৰিটা তল বজাৰৰ ব্যৱসায়ী সুৰেশ চৌধুৰীৰ পুত্ৰ তথা মুকেশ ক্লথ ষ্ট’ৰৰ মালিক ৰাজেশ চৌধুৰী(৪৭) ওৰফে পিংকুৱে তেওঁ‌ৰ ব্যৱসায়ীক প্ৰতিস্ঠানৰ কাষতে খেলি থকা এজন ১৩ বছৰ বয়সীয়া কিশোৰক নিজৰ দোকানৰ চাটাৰ খন খুলি দিয়াৰ অজুহাতত ফুচুলাই মাতি নি প্ৰায় আধা ঘণ্টা ধৰি যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উথ্বাপিত হৈছে। পিছত কোমল বয়সৰ কিশোৰ জনে ভয়তে দিক বিদিক হেৰুৱাই চিঞৰ বাখৰ কৰি ঘটনাটো পৰিয়ালৰ লোকক অবগত কৰাত পৰিয়ালৰ লগতে কাষৰীয়া ৰাইজ ওলাই আহি অভিযুক্ত পিংকুক লপা থপা দি আৰক্ষীক খবৰ দিয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ১৬০/২০১৮ নম্বৰৰ অধীনত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ড বিধি আইনৰ 4 অফ POCSO Act 2012 ৰ অধীনত লম্পট ব্যৱসায়ী জনক জেল হাজোতলৈ প্ৰেৰণ কৰে। যোৱা দুই তিনি মাহৰ ভিতৰতে মাৰ্ঘেৰিটাৰ আশে পাশে বহু কেইটা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ লগতে শেহতীয়াকৈ কিশোৰক যৌন নিৰ্যাতন চলোৱাৰ দৰে জঘন্যতম অ-সামাজিক কাৰ্যও ঘটিবলৈ ধৰাত সচেতন মহল স্তম্ভিত হৈ পৰিছে।

Related Articles

Leave a Reply

Close