অসম

মিছাত  কংগ্ৰেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ

চামগুিৰৰপৰা নৃপেন হাজৰিকা প্ৰথম খবৰ: বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ খনে জনবিৰোধী নীতিৰ লগতে পেট্ৰ’ল ডিজেল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত মিছাত পশ্চিম কলিয়াৱৰ ব্লক ক’গ্ৰেছ কমিতিৰ উদ্যোগত এক প্ৰতিবাদি কাৰ্যসুচী অনুষ্ঠিত হয়৷

বিশিষ্ট সমাজ সেৱক তথা  প্ৰদেশ কংগ্ৰেছ কমিটিৰ সদস্য সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰৰ নেতৃত্বত আজি প্ৰখৰ ৰ’দকো নেওচি গৰুগাড়ী ঘোঁৰাগাড়ী আৰু চাইকেলৰ লগতে খোজকাঢ়ি বহুলোকে ৰূপায়ন কৰা প্ৰতিবাদী সমদলত প্ৰদেশ কংগ্ৰেছৰ সদস্য সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ খনক মূল্য বৃদ্ধি ৰোধ কৰিবলৈ দাবী জনাই৷ মিছা মিলন সংঘৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদি সমদলটো নগাওঁ জিলাৰ বহুকেইজন কংগ্ৰেছ নেতা উপস্হিত থকাৰ লগতে স্হানীয় বহু কেইজন গন্য মান্য লোক উপস্হিত থাকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close