অসমশীৰ্ষ

মেছেজেৰে ঔষধৰ আচল-নকল চিনাক্ত

নিউজ ডেস্ক, প্ৰথম খবৰ: মেছেজ বৰ্তমান সময়ত যোগাযোগৰ এক উৎকৃষ্ট মাধ্যম। প্ৰায় অধিকসংখ্যক লোকে মেছেজৰ জৰিয়তে নিজৰ মত ব্যক্ত কৰে। যুৱ প্ৰজন্মৰ মাজতো খুৱ জনপ্ৰিয় এই ব্যৱস্থা। শেহতীয়াকৈ মেছেজৰ জৰিয়তে বাৰ্তা প্ৰেৰণৰ উপৰি এক গুৰুত্বপূৰ্ণ কাৰ্য্য সম্পাদন কৰিব পাৰিব গ্ৰাহকে। বৰ্তমান সময়ত বজাৰত বিভিন্নপ্ৰকাৰৰ দৰৱ আহিছে। এই দৰৱবোৰৰ কিছুসংখ্যক দৰৱ নকল। এতিয়া এইধৰণৰ নকল দৰৱৰ পৰ্য্যবেক্ষণ কৰিবপৰা যাব মেছেজেৰে। এটা মেছেজেৰেই গম পাব দৰৱ আচল নে নকল৷ ড্ৰাগ টেকনিকেল এডভাইজাৰী বোৰ্ডে এই নতুন ব্যৱস্থা প্ৰচলন কৰিছে। হোৱাটছ্ এপৰ এটা মেছেজেৰে এতিয়া নিৰ্ধাৰণ হ’ব দৰৱ আচল নে নকল। প্ৰায় ৩০০ বিভিন্নধৰণৰ ঔষধৰ ক্ষেত্ৰত এয়া কাৰ্য্যকৰী হ’ব। এই ঔষধসমূহত থকা এক বিশেষ চৈধ্য সংখ্যাৰ ইউনিক নম্বৰ টাইপ কৰি এক বিশেষ নম্বৰত মেছেজ পঠিওৱাৰ লগে লগে গ্ৰাহকে লাভ কৰিব সেই ঔষধৰ সকলো তথ্য। এই নতুন ব্যৱস্থাৰ নাম ৰখা হৈছে ট্ৰেছ এণ্ড ট্ৰেক। স্বাস্থ্য মন্ত্ৰালয়ে আগন্তুক দিনত এই বিশেষ ব্যৱস্থাৰ জৰিয়তে ঔষধৰ ক্ষেত্ৰত হোৱা সমস্যাসমূহ দূৰ কৰিবলৈ সক্ষম হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close