অসমশীৰ্ষ

মেৰামতি নহ’ল মথাউৰি, বানৰ তাণ্ডৱত ৰাজ্যবাসীৰ হাহাকাৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ শ গাঁও প্লাৱিত, কাজিৰঙাত বন্যপ্ৰাণীৰ বিলৈ, লামডিং–বদৰপুৰৰ মাজত ৰে’ল চলাচল ব্যাহত

অনুৰূপা ডেকা, প্ৰথম খবৰ: অসমবাসীক পুনৰ জুৰুলা কৰিলে বানে৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই ফিতাহি মাৰিছিল যে, বানে যাতে নৈপৰীয়া ৰাইজৰ ভেটি উচন কৰিব নোৱাৰে, তাৰ বাবে ৰাজ্যৰ সকলোবোৰ ছিগা মথাউৰিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হ’ব। যদিও শেষত সকলো মিছা হৈ পৰিল।

বাৰিষাৰ আৰম্ভনিতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানৰ ফলত নৈপৰীয়া ৰাইজৰ আধাতকৈও বেছি ঠাই এতিয়া পানীৰ কবলত। বিভিন্ন প্ৰান্তত লাখ লাখ টকা খৰচ কৰি চৰকাৰে বান্ধি দিয়া মথাউৰি ছিগি বাৰিষাৰ প্ৰথম কেইজাকমান বৰষুণতেই ডুব গৈছে ৰাজ্য।

ইফালে কপিলী নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ কেইবাখনো গাঁও প্লাবিত কৰি শ শ পৰিয়লালক গৃহহীন কৰিছে৷ কামপুৰ-কাৰ্বি আংলং সংযোগী পথটোতো বাঢ়নী পানীয়ে তাণ্ডৱৰ সৃষ্টি কৰিছে।

চৰকাৰে ৩০ লক্ষাধিক টকাৰে বান্ধি দিয়া নৱনিৰ্মিত মথাউৰি ছিগি যোৱাৰ পাছত ডবকাতো এতিয়া  বানৰ তাণ্ডৱ৷ জলসম্পদ মন্ত্ৰী, চৰকাৰ তথা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ অৱহেলাত বন্ধা মথাউৰি ছিগি যোৱাত  যমুনামুখৰ শতাধিক পৰিয়ালৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে৷ প্ৰবল সোঁতে তিনিটাকৈ ঘৰ উটুৱাই নিয়াৰ লগতে অঞ্চলটোৰ কেইবাখনো শিক্ষানুষ্ঠান বানৰ কবলত।

আনহাতে, কাৰ্বি পাহাৰৰপৰা নামি অহা পানীয়ে কাজিৰঙাৰ বিস্তৃৰ্ণ এলেকা প্লাবিত কৰিছে৷ কাজিৰঙাৰ কঁহৰা বনাঞ্চলৰ মিহিমুখ এলেকা সম্পূৰ্ণৰূপে পানীত বুৰ যোৱাত বন্য জীৱ-জন্তুৱে নিৰাপদ ঠাই বিচাৰি জনাঞ্চলত প্ৰৱেশ কৰিছে৷

ডুবিয়া নৈৰ বাঢ়নী পানীয়ে ডুবিয়া, দ-গাঁও, যোৰহটীয়া, বড়িগাঁও, আলিকোঁষ আদিকে ধৰি বিভিন্ন অঞ্চল বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ বিঘা কৃষিভূমি প্লাৱিত কৰিছে৷

হোজাইত ডিমৰু আৰু কপিলীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে।

বৰাক নৈৰ জলপৃষ্ঠও দ্ৰুতগতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বৃহস্পতিবাৰৰপৰা শিলচৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বাঢ়নী পানীয়ে নৈ পৰীয়া ৰাইজৰ ক্ষতিসাধন কৰাৰ আংশকা বৃদ্ধি পাইছে৷ ইতিমধ্যে বানত জিলাখনৰ বিভিন্ন অঞ্চল প্লাৱিত হৈছে৷

বানপানীৰ ফলত শুকুৰবাৰেও লামডিং–বদৰপুৰৰ মাজত ৰে’ল চলাচল ব্যাহত হৈ আছে। প্ৰতিকুল বতৰৰ বাবে ৰে’ল বিভাগে ৰে’লপথ মেৰামতিৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবেই ৰে’ল সেৱা প্ৰত্যাহাৰ কৰিছে ৰে’ল বিভাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close