কবিতাযুৱশীৰ্ষ

মৰণতো সচাঁই ভিক্ষাৰ নাই মূল্য

 

মৰণতো সচাঁই
ভিক্ষাৰ নাই মূল্য৷

কোবাই যা কোবাই যা৷

ৰাঙলী কৰি অসমী আইৰ বুকু
আমি নেদেখা দূৰত্বলৈ
যাওঁ দে৷

পৰি থকা শৰীৰ দুটা চাই
নিজকে হিৰো বুলি নাভাবিবি ও,
হোচ থাকিলে আৰু কোবাবি

মুঠতে সচাঁটো দিবি আমাক৷
ভিক্ষাৰ যিহেতু নাই মূল্য
মৃত্যু দিবি আমাক৷

এতিয়া আহো দে বহু হল
আই পিতাই ক্ষমিবি৷
তেজাল হৈ পৃথিৱীলৈ অহা আমি
তেজাল হৈয়ে উভতিলো দে৷
বিদায় ও … বিদায় অসমী আই৷

  কৃষ্ণাংগ সাউদ

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close