Uncategorizedঅসমশীৰ্ষ

মৰাণত অবৈধ চুলাই আৰু জুৱাৰ ঘাটী উৎখাত

মৰাণৰ পৰা ৰাজু মিশ্ৰ, প্ৰথম খবৰ: চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ৰাইদাংত আজি মৰাণহাট আৰক্ষীয়ে চৰাইদেউ জিলা প্ৰশাসনৰ কঁঠোৰ নিদ্দেৰ্শত এটা অবৈধ চুলাইমদৰ ঘাটী উচ্ছেদ কৰে। ৰাইদাং মধ্য ইংৰাজী বিদ্যালয় আৰু ৰাইদাং উচ্চ মাধ্যামিক বিদ্যালয়ৰ মধ্যস্থলত জিতেন চুতীয়া নামৰ এজন অসাধু ব্যক্তিয়ে দীৰ্ঘদিন ধৰি চলাই আহিছিল অবৈধ চুলাইমদৰ বেহা। যাৰ ফলত পুৱাৰে পৰা দুপৰ নিশালৈকে মদ আৰু জুৱাৰ ৰাগীত মাতাল হৈ এচাম মদাহী আৰু জুৱাৰীয়ে চিঞৰ-বাখৰ কৰি পৰিৱেশ উৎশৃংখল কৰি তুলিছিল। এই অবৈধ চুলাইৰ ঘাটী আৰু জুৱাৰ আড্ডাই বহু সম্ভ্ৰান্ত পৰিয়ালৰ জীৱনলৈও ঘোৰ অমানিশা নমাই আনিছে। অকালতে বহুতো জীৱন ধ্বংস কৰাৰ লগতে দুয়োখন বিদ্যালয়ৰ নিচেই কাষতে গঢ়ি তোলা এই অবৈধ চুলাইৰ ঘাটী আৰু জুৱাৰ আড্ডাই পঢ়া পৰিবেশো বিনষ্ট কৰি তুলিছে আৰু লগতে কণ কণ ছাত্ৰ-ছাত্ৰীৰ মাজতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। এই বিষয়ে সচেতনলোকে চৰাইদেউ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাত আজি চৰাইদেউ জিলা প্ৰশাসনৰ নিৰ্দেশত মৰাণহাট আৰক্ষী চক্ৰৰ পৰিদৰ্শক অৰূপ দত্ত আৰু মৰাণহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া বিৰিঞ্চি কোঁৱৰৰ নেতৃত্বত মৰাণহাট আৰক্ষী থানাৰ আৰক্ষীয়ে অভিযান চলাই অবৈধ চুলাইৰ ঘাটীটো উচ্ছেদ কৰবলৈ সক্ষম হয়। আৰক্ষীয়ে চুলাইমদ তৈয়াৰ কৰা সা-সৰঞ্জামখিনি ধ্বংস কৰাৰ লগতে ৫০০ লিটাৰ চুলাই নষ্ট কৰে আৰু অবৈধ চুলাই মদৰ ব্য়ৱসায়ী জিতেন চুতীয়াক গ্ৰেপ্তাৰ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close