অসমশীৰ্ষ

মৰাণত এটা লম্পটৰ কামনা বলি হ’ল এগৰাকী আঠবছৰীয়া কন্যা শিশু 

মৰাণৰপৰা ৰাজু মিশ্ৰা প্ৰথম খবৰ: এগৰাকী আঠবছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰি ৰঙা ঘৰৰ আলহী হ’ব লগা হৈছে এটা অবিবাহিত লম্পটৰ। ঘটনাটো সংঘটিত হৈছে ডিব্ৰুগড় জিলা মৰাণৰ ১নং ডোমৰ দলং গাঁ‌ৱত। মঙ্গল বাৰে নিশা প্ৰায় ৮ মান বজাত ঘৰত কোনো নথকাৰ সুজোগ লৈ উক্ত গাওঁখনৰ ডিবাকৰ ভূমিজৰ অবিবাহিত পুত্ৰ ৰোণা ভূমিজে (৩০) একে গাঁ‌ৱৰে এগৰাকী আঠ বছৰীয়া কন্যা শিশুক ধৰ্ষণ কৰে। আনহাতে লম্পটটোৰ উক্ত ঘিণনীয় কাৰ্যৰ কথা শিশুটিয়ে পৰিয়ালৰ লোকক অৱগত কৰাত পৰিয়ালৰ লোকে লম্পটটোৰ এই কাণ্ডৰ বিৰোদ্ধে মৰাণ থানাত এখন এজাহাৰ দাখিল কৰে। ইফালে উক্ত এজাহাৰৰ ভিত্তিত মৰাণ আৰক্ষীয়ে পলাতক অৱস্থাত থকা লম্পটটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে cash no 155-2018. 4 pocso act/376 ধাৰাত গোছৰ ৰুজু কৰি লম্পটটোক জেইল হাজোটলৈ প্ৰেৰণ কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close