অসম

মৰেল পুলিচৰে মিলি অধ্যক্ষৰ ছাত্ৰক নিৰ্যাতন,নলবাৰীৰ লাৰকুছিত প্ৰতিক্ৰিয়া অব্যাহত 

প্ৰথম খবৰ,নলবাৰী: ৰাজ্য চৰকাৰ আৰু প্ৰশাসনে যিকোনো ঘটনা সংঘটিত হ’লে আইন হাতত তুলি নলবলৈ আৰু প্ৰশাসনক খবৰ কৰিবলৈ বিভিন্ন মাধ্যমেৰে প্ৰচাৰ চলাই থকাৰ সময়তে নলবাৰীৰ দক্ষিণ প্ৰান্তৰ এখন ঐতিহাসিক বিদ্যালয়ৰ অধ্যক্ষই বিদ্যালয়খনৰে প্ৰাক্তন ছাত্ৰ তথা প্ৰাক্তন ছাত্ৰ একতা সভাৰ সম্পাদক এজনক সামান্য দোষত মানসিক শাৰীৰিক নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উঠিছে। জানিব পৰা মতে জিলাখনৰ দুই নং লাৰকুছিস্থিত পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ অধ্যক্ষ আবু বক্কৰ ছিদ্দিক কৰ্তব্যত ফাকি দি বিদ্যালয়ৰ নিজ কোঠাত টোপনি মাৰি থকা দৃশ্য এটি প্ৰাক্তন ছাত্ৰ আব্দুল হালিমে চ’ছিয়েল মিডিয়াত প্ৰকাশ কৰিছিল। অভিযোগ অনুসৰি এই কথাটোতেই অধ্যক্ষই অতি নিৰ্লজ্জভাবে প্ৰতিশোধ পৰায়ন হৈ ছাত্ৰজনক বিদ্যালয়লৈ মাতি নি কালি বুধবাৰে শাৰীৰিক ও মানসিক নিৰ্যাতন চলায়। উল্লেখযোগ্য যে এই কাৰ্য্যত অধ্যক্ষজনে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিজনক সম্পূৰ্ণ ৰূপে অন্ধকাৰত ৰাখি অধ্যক্ষজনে তেওঁৰ অনুগত কেইটামান মৰেল পুলিচক লগত লৈ ছাত্ৰজনক উপৰ্যুপৰি প্ৰশ্ন কৰে আৰু নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে। অভিযোগ মতে ইমানতেই অধ্যক্ষই ক্ষান্ত নাথাকি উকা দলিলত ছাত্ৰজনৰ চহী ৰাখি দিয়ে। ছাত্ৰজনে চহী নকৰিলে তাক হত্যা কৰা হ’ব পাৰে বুলি ভয়তে উকা দলীলত চহী কৰে। অধ্যক্ষ আবু বক্কৰ ছিদ্দিক এয়াই অভিযোগ নহয়,বিদ্যালয়খনি নানা অনিয়মেৰে চলাই থকাৰো অভিযোগ উঠিছে। ইয়াকে লৈ অতি সম্প্ৰতি নলবাৰীৰ লাৰকুছি অঞ্চলটোত সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। জানিব পৰা মতে আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মজিবুৰ ৰহমান, সমিতিৰ কেইবাগৰাকী সদস্য আৰু বিদ্যালয়ৰ শিক্ষক গোটৰ এটা প্ৰতিনিধি দলে মানসিক ভাৱে ভাগি পৰা ছাত্ৰ আব্দুল হালিমৰ খা খবৰ লৈ অহে আৰু অহা ৰবিবাৰে দিনৰ এঘাৰ বজাত এই সম্পৰ্কে বিচাৰ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। সম্প্ৰতি অঞ্চলটোৰ ৰাইজে ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু নলবাৰী জিলা প্ৰশাসন,বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ হস্তক্ষেপ দাবী কৰাৰ লগতে উচিত তদন্ত কৰিবলৈ আহ্বান জনাইছে।

Related Articles

Leave a Reply

Close