অসমসভা-সমিতি

লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ সফল সামৰণি 

প্ৰথম খবৰ,ঢকুৱাখনা:লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ আজি পশ্চিম ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনযোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত আদৰণি সমিতিৰ সম্পাদিকা দুলু শইকীয়া আৰু সহঃ সম্পাদিকা অনুৰাধা শইকীয়াৰ নেতৃত্বত বিদ্যালয় ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলৰদ্বাৰা পৰিবেশ নিকাকৰণ কাৰ্য্যসূচী সমাপণ কৰা হয়। ইয়াৰ পাছতেই পুৱা ৮ বজাত লখিমপুৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে কৰা পতাকা উত্তোলনেৰে অনুষ্ঠান আৰম্ভ হয়। ৮.৩০ বজাত শ্বহীদ তৰ্পণ কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰবক্তা ড. অমল চন্দ্ৰ দত্তই। ৯ বজাত বৃক্ষ ৰোপণৰ পাছত ৯.৩০ বজাত অধিবিদ্যা পৰিষদৰ প্ৰতিনিধি সকলৰ নাম পঞ্জীয়নকৃত কৰা হয়। ১০ বজাত লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ কাৰ্য্যকৰী সম্পাদক যোগেশ্বৰ বৰুৱাই উদ্ধোধন কৰা প্ৰতিনিধি আৰু বিষয় বাছনি সভা অনুষ্ঠানত লখিমপুৰ জিলাৰ অধিবিদ্যা বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক-শিক্ষয়ত্ৰী সকলৰ উপৰিও অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰধান সকলেও ভাগ লয়। বিয়লি ১.৩০ আৰম্ভ হয় বজাত মুকলি সভা। মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ড. প্ৰদীপ চন্দ্ৰ বৰাই। অধ্যক্ষ ডঃ বৰাই উদ্ধোধনী ভাষণত ৰাষ্ট্ৰীয় পৰ্য্যায়ত শিক্ষাৰ সমস্যা সমূহ বিষদ আলোচনাৰে সু-সমাধানৰ পোষকতা কৰে। লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ সভাপতি মৃদুল কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানটো পৌৰোহিত্য কৰে তোলধৰ ৰাজভৰে। ইয়াৰ পিছতেই পৰমানন্দ দাসৰ সম্পাদিত লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ ১৪ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ মুখপত্ৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ”মুখপত্ৰ” খন অনুষ্ঠানিকভাৱে উন্মোচন কৰে লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ সভাপতি মৃদুল কুমাৰ নাথে। ইয়াৰ পাছতে অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সভাপতি উপেন বৰুৱাই উদ্বোধন কৰা সম্বর্ধনা অনুষ্ঠানত লখিমপুৰ জিলা অধিবিদ্যা পৰিষদৰ ফালৰ পৰা অৱসৰপ্ৰাপ্ত বিদ্যালয়ৰ প্ৰধান সকলক এখনি ফুলাম গামোচা, চেলেং আৰু এখনি মান পত্ৰই সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানত নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰি বক্তব্য ৰাখে অসম ৰাজ্যিক অধিবিদ্যা পৰিষদৰ সম্পাদক পবিত্র প্ৰাণ ভট্টাচাৰ্য্যই। উল্লেখ যে,এই অনুষ্ঠানত ঢকুৱাখনাৰ বহু কেইজন শিক্ষাবিদ,লগতে ঢকুৱাখনা সাংবাদিক সকলো উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close