অসম

লতাবোৱাত পুৰণিগুদাম শতদল সাহিত্য সভাৰ সাহিত্য আলোচনাচক্ৰ আৰু কবিতা পাঠৰ অনুষ্ঠান

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ:নগাঁও জিলাৰ লতাবোৱা বাৰোৱাৰী ৰাস মহোৎসৱৰ সোনালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সহযোগত আৰু পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উদ্যোগত আজি লতাবোৱা ৰাস মন্দিৰত প্ৰাংগনত দিনযোৰা কাৰ্যসূচীৰে কবিতা পাঠ আৰু আলোচনাচক্ৰ অনুষ্ঠিত হৈ যায়৷ পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি যুগল চন্দ্ৰ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট সাহিত্যিক তথা পুৰণিগুদাম ড’ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড’ ভূপেন শইকীয়া উপস্থিত থাকি অসমৰ লোক-সাহিত্যৰ ওপৰত ভাষণ প্ৰদান কৰে৷ বিশিষ্ট সাহিত্যিক কুমাৰ নগেন বৰাই শুভ উদ্ধোধন কৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে বিশিষ্ট কন্ঠশিল্পী তথা লতাবোৱা বাৰোৱাৰী ৰাস মহোৎসৱৰ সোনালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সভাপতি ধৰ্মেশ্বৰ দাধৰাই৷উক্ত সভাখনতেই পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ উপ-সভাপতি পুলিন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবিতা পাঠৰ অনুষ্ঠানটোত ক্ৰমে জেউতি হাজৰিকা,ডঃ পূণ্যলতা গোঁহাই,লখিমী কাকতি,যজ্ঞৰাম শইকীয়া,প্ৰমোদ কুমাৰ শৰ্মা,বিপুল কুমাৰ বৰা,মাধন ভূঞা,সৰুমাই গায়ন চমুৱা, ভৱেন বৰা,দ্বিজেন্দ্ৰ মোহন শইকীয়া,লক্ষজিৎ বৰাকে ধৰি কে’বাজনো লোকে কবিতা পাঠ কৰে৷ পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সম্পাদক দ্বিজেন্দ্ৰ মোহন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত কবিতা সমূহৰ ওপৰত সমীক্ষা প্ৰদান কৰে বিশিষ্ট কবি-সাহিত্যিক পৰাণ কুমাৰ বৰুৱাই৷ লতাবোৱা ৰাস মহোৎসৱৰ সোণালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিৰ সম্পাদক বিমল চন্দ্ৰ বৰাই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানটোত বৰগীত,ভূপেন্দ্ৰ সংগীত আৰু লোকগীত পৰিৱেশন কৰে ক্ৰমে শ্যামলীকা বৰা, দিগন্ত বৰঠাকুৰ,নাজৰানা বেগম আৰু ভাগনাৰায়ন শ্বাহে৷উক্ত অনুষ্ঠানটোত পঞ্চী বৰাই যোগ প্ৰদৰ্শন আৰু শ্যামলীকা বৰাই নেপালী নৃত্য প্ৰদৰ্শন কৰাৰ লগতে ৬১৫ নং লতাবোৱা বালিকা বিদ্যালয়ৰ ছাত্ৰীসকলে দিহানাম পৰিৱেশন কৰে৷ পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ বিষয়ববীয়া প্ৰমোদ কুমাৰ শৰ্মাই কৃতজ্ঞতা জ্ঞাপন কৰা অনুষ্ঠানটোত জিলাখনৰ বিভিন্ন অঞ্চলৰ বহু লোকৰ সমাগম হয়৷

Related Articles

Leave a Reply

Close