অসম

শক্তি মন্ত্ৰী তপন গগৈৰ সমষ্টিত অঘটন,বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কণমানি ছাত্ৰৰ কৰুণ মৃত্যু

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ:শনি বাৰে শনি লাগিল ৰাজ্যৰ শক্তি বিভাগত। এইবাৰ শক্তি মন্ত্ৰী তপন কুমাৰ গগৈৰ গৃহ সমষ্টিত চিগা বিদ্যুৎ তাঁৰে প্ৰাণ ললে কণমানি ছাত্ৰৰ। সোণাৰিৰ টিয়ক বঙালী গাৱঁৰ মনিষ মুণ্ডা(৫)ৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি কৰুণভাৱে মৃত্যু হোৱাৰ ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। মৃত মনিষ গাঞ্জু মুণ্ডা আৰু অনিতা মুণ্ডাৰ পুত্ৰ। উল্লেখযোগ্য যে শনিবাৰে পুৱাই অঞ্চলটোৰ মাজেৰে যোৱা বিদ্যুৎ পৰিবাহী তাঁৰ চিগি থকাৰ বাবে ৰাইজে বিদ্যুত বিভাগক বাৰম্বাৰ খবৰ দিয়াৰ পাছতো বিভাগৰ কোনো লোক উপস্থিত নোহোৱাৰ বাবেই কৰুণ ঘটনাটো সংঘটিত হ’ল বুলি ৰাইজে সদৰি কৰিছে। ইফালে কণমানি ছাত্ৰজন মৃত্যু হোৱাৰ পাছতে টিয়ক গাঁৱৰ অংগনবাড়ী কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ছাত্ৰজনৰ কৰুণ মৃত্যু হোৱাত অংগনবাড়ী শিক্ষয়িত্ৰী কবিতা দত্তকে ৰাইজৰ প্ৰহাৰ। ছাত্ৰজনে উক্ত শিক্ষা কেন্দ্ৰত অধ্যয়ন কৰিছিল আৰু কি দৰে ছাত্র জন বাহিৰলৈ ওলাবলৈ সক্ষম হ’ল তাকে লৈ ক্ষোভিত ৰাইজে প্ৰহাৰ কৰে কৰ্মী গৰাকীক। ইফালে শক্তি মন্ত্ৰী তপন গগৈয়ে নিহত কণমানি ছাত্ৰজনৰ পৰিয়াললৈ ২.৫লাখ টকা সাহাৰ্য ঘোষণা কৰি তদন্তৰ ঘোষণা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close