অসম

সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও আঞ্চলিকৰ কাৰ্য্যালয় উদ্ধোধন

বৰপেটাৰপৰা ছফিক আহমেদ,প্ৰথম খবৰ: নিশা ৮ বজাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ নগাঁও আঞ্চলিক সমিতিৰ কাৰ্য্যালয় শুভ উদ্বোধন কৰে নিউটন একাডেমীৰ চেয়াৰমেন আমীৰ আলীয়ে। এই সভাত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ সভাপতি আতিকুল হকে তেওঁৰ ভাষণত NRC ৰ দ্বিতীয় খচৰা প্ৰকাশ হোৱাৰ প্ৰাক মূহুুৰ্তত ৰাইজক উৰা বাতৰিত ভুল নাযাবলৈ আহ্বান জনায়। সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলাৰ সমিতিৰ সাধাৰণ সম্পাদক চলেমান হুছেইন তেওঁৰ ভাষণত কয় যে গৰিয়া মৰিয়া দেশী সকলোৱে ভীতিগ্ৰস্ত নহ’বলৈ আহ্বান জনায়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সদস্য পিৰ জাহানুল হকে সংগঠনৰ উদ্দেশ্য ৰাইজৰ আগত ব্যক্ত কৰে। এই কাৰ্য্যসূচিত উপস্থিত থাকে পৰিষদৰ বৰপেটা জিলা সমিতিৰ প্ৰচাৰ সম্পাদক মফিদুল হক,সমাজ কৰ্মী চাহেৰ আলী, বাবুল আলী, নগাঁও মছজিদ সমিতিৰ সাধাৰণ সম্পাদক চামছুল আলী, চেঙা আঞ্চলিকৰ সম্পাদক আজিজুল ৰহমান, চফিকুল ইছলাম, ভেল্লা আঞ্চলিকৰ বিষয় ববীয়া, নগাঁও আঞ্চলিক সমিতিৰ সভাপতি মহিদুল আলী সাধাৰণ সম্পাদক পিংকু আলী সাংগঠনিক সম্পাদক মইনুল আলী, বাবুল আলী প্ৰচাৰ সম্পাদক চাইদুল আলী, ৰাতুল আলী আদিয়ে।

Related Articles

Leave a Reply

Close