অসম

সদৌ অসম শিল্পী সাহিত্যক সাংস্কৃতিক সুৰক্ষা মঞ্চৰ দ্বাৰা ৰাভা দিৱস উদযাপন

চাংসাৰিৰপৰা পঙ্কজ নাথ,প্ৰথম খবৰ:সদৌ অসম শিল্পী সাহিত্যক সাংস্কৃতিক সুৰক্ষা মঞ্চৰ উদ্যোগত আৰু আৰোহণ আৰ্টিষ্ট গীল্ডৰ সহযোগত মাজখোৱাৰ প্ৰাগজোতিষ সাংস্কৃতিক প্ৰকল্পত কালি ২০ জুন বুধবাৰে ৰাভা দিৱস উদযাপন কৰা হয়৷ ৰাভা দিৱসৰ লগত সংগতি ৰাখি জাতীয় সাংস্কৃতিক ঐক্য মঞ্চ অসম, বিনায়ক আশাদ্বীপ বেচৰকাৰী সংস্থা,অসম জনকল্যাণ ছ’চাইটি আৰু সাংস্কৃতিক বিদ্যালয়ৰ সহযোগত ডকমকাৰ নৃশংস হত্যাকাণ্ডৰ বলি হোৱা শিল্পী দুগৰাকী নীলোৎপল দাস আৰু অভিজিৎ নাথৰ সোৱৰণত মৌন প্ৰৰ্থনা কৰা হয় লগতে এই হত্যাকাণ্ডৰ সৈতে জড়িত দোষীক শাস্তি দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই তেখেত সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি বন্তি প্ৰজ্জ্বলন কৰা হয় ৷ উক্ত অনুষ্ঠানত বন্তি প্ৰজ্জ্বলন কাৰ্যসূচীৰ আগভাগ ধৰে জনকল্যাণ ছচইাটিৰ সভাপতি কুমুদ নাথে আৰু সভাখন পৰিচালনা কৰে আৰ্টিষ্ট গীল্ডৰ দিলীপ নাথে ৷ উক্ত অনুষ্ঠানত বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৰণত কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰি অতি আড়ম্বৰপূৰ্ণ ভাবে অনুস্থানটো উদযাপন কৰি সাফল্যমণ্ডিত কৰি তোলে।

Related Articles

Leave a Reply

Close