নিবন্ধশীৰ্ষ

সভ্যতাৰ অপমৃত্যু হ’বলৈ নিদিব

অসহ্য বেদনাৰে জ্বলি যাব নিদিব, কাৰ্বি পাহাৰৰ সেউজীয়াবোৰক জীয়াই থাকিব দিয়ক

অনুৰূপা ডেকা:

পৃথিৱীৰ সমূহ জীৱকূলৰ ভিতৰত শ্ৰেষ্ঠতম হিচাপে গণ্য কৰা হয় মানুহক। কাৰণ সভ্যতাৰ জখলাডাল আমি বগাই আহি শিৰত সভ্যৰ মুকুত পিন্ধি ল’লোঁ, জন্তুৰপৰা আমি নিজক পৃথক কৰি ৰাখোঁ কাৰণ আমাক হেনো ভগৱানে বিবেক দিছে।

আদিম আমিবোৰৰ সলনি হ’ল খাদ্যাভাস। সলনি হ’ল আমাৰ পৰিচ্ছদ। কেঁচা মাংসৰপৰা তন্দুৰিলৈ, গছৰ ছালৰপৰা পটলুঙলৈ কৰা যাত্ৰাটোত বেয়াকৈ উজুটি খালে আমিবোৰৰ সভ্য চিনাকিটোৱে। একালত শিল ঘঁহি ঘঁহি আহিলা তৈয়াৰ কৰা মানৱৰ হাতবোৰ এণ্ড্ৰয়ড ফোনে ঠিকেই শুৱনি কৰিলে, পিছে পোহৰৰপৰা বিবেকৰ অংশটোহে বঞ্চিত হৈ ৰ’ল।

ম’বাইলৰ কিপেডত ইংৰাজী আখৰ টাইপ কৰিবপৰা মগজুবোৰৰ বাবে একেখন আকাশৰ একে বতাহৰ ভাষাৰ দুটা মাথোঁ শব্দ বুজাত অসুবিধা হ’ল।

“অসমীয়াহে মই”…। কাউৰীয়ে ম’ৰা হ’ব যোৱাৰ দৰে চিন্তাশক্তিৰ দুৰ্ভিক্ষত সভ্যতাৰ পোচাকযোৰ যেন কিবা খাপ নোখোৱা হৈছে। ক’লা-বগা টিভিয়েও ৰঙ সলনি কৰিলে তথাপি কাৰোবাৰ ক’লা পোছাক ক’লা হৈয়েই ৰ’ল। সকলোলৈ আহ্বান সদ্যহতে দামী দামী ভ্ৰাম্যভাষবোৰৰ গৰাকী কোন সেইজনে ‘ক’ৰ চুক কেইটা জানেনে?

জানেনে আধুনিকতাৰ বগা পোছাকযোৰ অপৰিষ্কাৰ শৰীৰটোৰে পিন্ধিলে শোভা নাপাই। আজি এই মূহুৰ্তত এটাই প্ৰাৰ্থনা সুস্থ দেহত সুস্থ মনক স্থান দিয়ক শিক্ষাক অন্ধকাৰ গুহাৰপৰা মুক্ত পৃথিৱীৰ পোহৰলৈ গতি কৰাওক। কাৰ্বি পাহাৰৰ সেউজীয়াবোৰক জীয়াই থাকিব দিয়ক। অসহ্য বেদনাৰে জ্বলি যাব নিদিব। জীয়াই ৰাখক প্ৰকৃতিৰ বৰ্ণিল সৌন্দৰ্য। চিৰন্তণ সৰলতাৰে সৰল হৈ থাকিবলৈ দিয়ক আমাৰ অসমখনক।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close