শীৰ্ষৰাষ্ট্ৰীয়

সম্পূৰ্ণ সুবিধাৰে “গুগল ওৱান এপ”

নেচনেল ডেস্ক, প্ৰথম খবৰ: আজিৰ যুগত গুগল হৈছে সকলোৰে বাবে চিনাকী আৰু বিশেষভাৱে চৰ্চিত এটি নাম। শেহতীয়াকৈ গুগলে মুকলি কৰিছে “গুগল ওৱান এপ”। এই ব্ৰেণ্ডে সহজে পৰিচালিত কৰিব গৈৰ-জি চুট গুগল ড্ৰাইভক৷ গুগল ড্ৰাইভ ষ্ট’ৰেজ প্লেন থকা লোকসকলক আপগ্ৰেড কৰা হ’ব গুগল ওৱানলৈ৷ বৰ্তমান প্লে ষ্টোৰত উপলব্ধ হৈছে এই এপ। গুগল ওৱানত কিছুমান বিশেষ বিকল্প ব্যৱস্থা আছে। ইয়াত ১০০ জিবিৰপৰা ৩০ টিবিলৈকে ষ্ট’ৰেজৰ সুবিধা থকাৰ লগতে ব্যৱহাৰকাৰীয়ে নিজৰ সুবিধা অনুসৰি এই এপ ব্যৱহাৰ কৰিব পাৰিব। এই এপৰ এটা বিশেষ বৈশিষ্ট্য হৈছে, উক্ত এপ ব্যৱহাৰকাৰীসকলে নিজে এই এপ ব্যৱহাৰ কৰাৰ সমান্তৰালকৈ তেওঁৰ পৰিয়ালৰ লোকেও ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব এই এপ।

Related Articles

Leave a Reply

Close