স্বাস্থ্য

সাপে খুঁটিলে তাৎক্ষণিক প্ৰাথমিক চিকিৎসা

দিপাঞ্জলী শৰ্মা

সাপ য’ত-ত’ত লুকাই থকিব পাৰে। সেয়েহে ঘাঁহ-বন ফুলনি আদিত সাৱধানেৰে চাই চিতি যাব লাগে। যদি কোনো ব্যক্তিক বিষাক্ত সাপে দংশন কৰে বা খোঁটে তেতিয়া ব্যক্তিজনৰ শৰীৰত সাপৰ বিষ সোমাই লগে লগে তেজত মিহলি হৈ আৰু পোনে পোনেই হৃৎপিণ্ডত প্ৰৱেশ কৰে। যাৰ ফলত মানুহ মৃত্যু মুখত পৰিবও পাৰে। এই ক্ষেত্ৰত ল’বলগীয়া কিছু সাৱধানতা হ’ল-

১)সাপে খোঁটা ঠাইখিনিৰ পৰা অলপ ওপৰত কাপোৰেৰে নাইবা ৰছীৰে যোৰকৈ বান্ধি দিব লাগে যাতে বিষখিনি শৰীৰত বিয়পি নাযায়। তাৰ পিছত ঠাইখিনি চোকা ব্লেডেৰে অলপ কাটি লৈ বিষাক্ত তেজখিনি চেপি উলিয়াই দিব লাগে।

২) তাৰ পিছত ঠাইখিনি লগে লগে পটেছিয়াম পাৰমাংগানেটেৰে ধুই দিব লাগে।

৩) ইয়াৰ পিছত লাগে লাগে ডাক্তৰৰ ওচৰলৈ লৈ যাব লাগে। মন কৰিব যাতে ব্যক্তিজন সাৰে থাকে।

Related Articles

Leave a Reply

Close