অসম

সৃজনগ্ৰামত আৰ্ট অফ লিভিং আৰু ইয়ং সৃজনগ্ৰামৰ যোগ দিৱস উদযাপন

অভয়াপুৰীৰপৰা দ্বীপজ্যোতি ৰায়, প্ৰথম খবৰ:আৰ্ট অৱ লিভিং আৰু বঙাইগাঁও জিলাৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন ইয়ং সৃজনগ্ৰামৰ উদ্যোগত সৃজনগ্ৰামৰ বৰঘোলা বজাৰত পালন কৰা হয় আন্তৰ্জাতিক যোগ দিৱস। আৰ্ট অফ লিভিংৰ উৎপল ৰায়ে আঁত ধৰে অনুষ্ঠানটোত শৰৎ ৰায়ে যোগৰ উপকাৰিতা সম্পৰ্কে ভাষণ দিয়ে। সৃজনগ্ৰাম হাই স্কুলৰ শিক্ষক শিৱৰাম ৰায়ে ছাত্ৰ-ছাত্ৰীৰ শাৰীৰিক মানসিক উৎকৰ্ষৰ বাবে যোগ কৰাটো অপৰিহাৰ্য বুলি মন্তব্য কৰে। ইয়ং সৃজনগ্ৰামৰ সভাপতি ৰিংকুমণি পাঠকে নিজ ভাষণত যোগ দিৱসৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰাৰ লগতে যোগক প্ৰাচীন ভাৰতীয় সভ্যতাৰ এক অমূল্য দান বুলি অভিহিত কৰে। অনুষ্ঠানটোত আৰ্ট অৱ লিভিংৰ প্ৰশিক্ষকসকলৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী আৰু উপস্থিতসকলক যোগৰ প্ৰশিক্ষণ দিয়া হয়। যোগ দিৱসৰ এই অনুষ্ঠানত সৃজনগ্ৰাম অঞ্চলৰ কেইবাখনো বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ লগতে আৰ্ট অৱ লিভিং আৰু ইয়ং সৃজনগ্ৰামৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে।

Related Articles

Leave a Reply

Close