অসম

সোণাৰিত বন্যহস্তীৰ তাণ্ডৱ,কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

সোণাৰিৰপৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ: চৰাইদেউ জিলাৰ সোণাৰিত যোৱা নিশা এজাক বনৰীয়া হাতীয়ে তাণ্ডৱ সৃষ্টি কৰে। খাদ্যৰ সন্ধানত অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰপৰা ওলাই অহা প্ৰায় ৪০ জনীয়া বনৰীয়া হাতীৰ জাকে সোণাৰি শান্তিপুৰৰ কাষেৰে সোণালী পামৰ প্ৰবীণ মেচৰ বাসগৃহত তাণ্ডৱ চলাই সম্পূৰ্ণৰূপে ‌বিধস্ত কৰি পেলায়। ঘৰৰ আচবাব, মূল্যবান সা-সামগ্ৰীৰ লগতে চাউল দাইল খাই তহিলং কৰে। বাসগৃহত থকা এপদ সামগ্ৰীও উদ্ধাৰ কৰিব নোৱাৰিলে দুৰ্ভগীয়া পৰিয়ালটিয়ে। হাতী অহাৰ উমান পায় প্ৰবীণ মেচৰ নজনীয়া পৰিয়ালটি নিৰাপদ স্থানত আশ্ৰয় গ্ৰহণ কৰে। সৌভাগ্য বশত: পৰিয়ালটি বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিল। গৃহহীন পৰিয়াল টি এতিয়া এমুঠি খাদ্যৰ বাবে হাহাকাৰ সৃষ্টি কৰিবলগীয়া হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close