অসমশীৰ্ষ

সোণাৰিত বন‍্যহস্তীৰ তাণ্ডৱ, বাসগৃহ অবিহনে উজাগৰে কেইবাটাও পৰিয়াল 

সোণাৰিৰ পৰা মিতুপৰ্ণ গগৈ,প্ৰথম খবৰ: চৰাইদেউ জিলাৰ সোণাৰি জানকী পথাৰত পুনৰ এজাক বনৰীয়া হাতীয়ে আজি কেইবাদিন ধৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে। খাদ্যৰ সন্ধানত সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকটিয়ে থুকুবিল, গুৱালাপথাৰ, জানকী পথাৰ আদি জনবসতিপূৰ্ণ অঞ্চলসমূহত নিশাৰ ভাগত সোমাই মানুহৰ বাসগৃহসমূহ সম্পূৰ্ণ ৰূপে বিধস্ত কৰি অহাৰ ফলত নিশা উজাগৰে কটাই প্ৰাণৰক্ষা কৰিব লগিয়া হৈছে জানকী পথাৰৰ লোকসকলে। লক্ষ্যণীয় যে আজি কেইবাদিনৰ পৰা এই অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই অহাৰ পিছতো এতিয়াও বনবিভাগে লোৱা নাই কোনো বিহিত ব্যবস্থা। যাৰ ফলত প্ৰত‍্যেক নিশাই বনৰীয়া হাতীয়ে এই অঞ্চলৰ আবাসীৰ বাসগৃহসমূহ সম্পূৰ্ণৰূপে ভাঙি অহাৰ লগতে বিধস্ত আৰু তহিলং কৰিছে চিদাই মুণ্ডা, পাপু মুণ্ডা আৰু প্ৰবীণ মুণ্ডাৰ দৰে সৰ্বসাধাৰণ ৰাইজৰ বাসগৃহ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close