অসম

সোপাধৰা আদিৰ উৰাবাতৰিৰ প্ৰতি ৰাইজক সজাগ হ’বলৈ আহ্বান কামৰূপ প্ৰশাসনৰ

চাংসাৰিৰপৰা পঙ্কজ নাথ, প্ৰথম খবৰ: কামৰূপ জিলাৰ জালুকবাৰী সমষ্টিৰ অন্তৰ্গত আমিনগাঁৱত প্ৰশাসনৰ উদ্যোগত উৰাবাতৰি, সোপাধৰা আৰু এন আৰ চি সন্দৰ্ভত এখন বিশেষ সজাগতা সভা অনুষ্ঠিত কৰা হৈছিল৷ আমিনগাঁৱৰ ৰে’লৱে ইনচটিটিউটৰ প্ৰেক্ষাগৃহত উত্তৰ গুৱাহাটী আৰক্ষী থানাৰ বিষয়া উপেন মোহনৰ পৌৰহিত্বত এই সভাখন অনুষ্ঠিত হৈছিল।

সজাগতা সভাত প্ৰশাসনৰ ফালৰ পৰা কেইগৰাকীমান বিষয়া উপস্থিত থাকি ৰাইজক উদ্দেশ্যি সজাগতা মূলক ভাষণ প্ৰদান কৰে। এই সভাত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰনৱ দত্ত গোস্বামীয়ে উপস্থিত থাকি তেওঁৰ ভাষণত উৰাবাতৰিত ভূল নাজাবলৈ ৰাইজক আহ্বান জনায়।

উৰাবাতৰি, ভুৱা বাতৰি ছ’ছিয়েল মিডিয়াত প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে প্ৰশাসনৰ ফালৰ পৰা কঠোৰ আইনগত ব্যৱস্থা লোৱা হ’ব বুলি তেওঁ ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আনহাতে এন আৰ চি নথিপত্ৰ তথা বংশ পৰিক্ষণৰ কাম প্ৰায় সম্পন্ন হোৱা বুলি উপস্থিত ৰাইজ আৰু সংবাদ মাধ্যমক অৱগত কৰি এনআৰচিৰ খচৰা তালিকা ৩০ জুনতে প্ৰকাশ পাব বুলি কয়৷

তাৰোপৰি যদি কোনো কাৰণত কোনা ব্যক্তিৰ নাম বাদ পৰে সেইসকলক শংকিত নহ’বলৈ আহ্বান জনায়। তাৰবাবে দাবীৰ গোচৰ আৰু কাৰোবাৰ ভুলকৈ এন আৰ চিত নাম অন্তভূৰ্ক্ত হোৱা বুলি সন্দেহ হ’লেও আপত্তিৰ গোচৰ তৰিব পাৰিব বুলি সেই সজাগতা সভাতে ভাষণ প্ৰসঙ্গত ৰাইজে জানিবলৈ পায়৷

ইয়াৰ উপৰিও কামৰূপ আৰক্ষী প্ৰশাসনৰ ডি এছ পি জয়ন্ত বৰুৱা আৰু অৰুনিমা ভূঞাই এই সভাত উপস্থিত থাকি সাৱলীল ভাষণ প্ৰদানেৰে ৰাইজক সোপাধৰা আদিৰ লেখিয়া উৰাবাতৰিৰ ওপৰত বিশ্বাস নকৰিবলৈ ও সেই বিলাকক প্ৰশ্ৰয় নিদি আৰক্ষীৰ লগত এই সকলো ক্ষেত্ৰতে সম্পূৰ্ণ সহযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close