অসমশীৰ্ষ

সাম্প্ৰদায়িক শক্তিক পৰাস্ত কৰি উজ্বল নিদৰ্শন

ষড়যন্ত্রৰ বলি অহিদুলৰ মাংসৰ দোকান নতুনকৈ বান্ধি দিলে সৰভোগবাসী ৰাইজে

প্ৰথম খৱৰ, সৰভোগ, ৬ জুনঃ সৰভোগৰ কুকুৰা মাংস বেপাৰী অহিদুল আলিৰ ফেইচবুক একাউন্টত সাম্প্ৰদায়িক মন্তব্য কৰি লংকা কাণ্ড কৰিব খোজা প্ৰচেষ্টা সৰভোগৰ আৰক্ষী প্ৰশাসন আৰু সচেতন ৰাইজৰ প্ৰচেষ্টাত ব্যৰ্থ হ’ল। ইমানৰ পিছতো সৰভোগৰ গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ ৰাইজে যি কাম কৰিলে সেয়া সমগ্ৰ দেশৰ বাবেই উজ্বল নিদৰ্শন হৈ ৰ’ল। দুস্কৃতিকাৰীয়ে অহিদুল আলিৰ পুৰি পেলোৱা দোকান পুনৰ নিৰ্মান কৰি দিয়াৰ বাবে আগবাঢ়ি আহিল ৰাইজ। বহুতেই দোকানখন গঢ়ি দিবৰ বাবে নিজৰ পকেটৰ ধন আগবঢ়ালে। নকলেও হ’ব যে এইসকলৰ বেছি সংখ্যকেই হ’ল হিন্দু সম্প্ৰদায়ৰ। কি উজ্বল নিদৰ্শন ! এয়া সঁ‌চাই অনন্য। আজি পলম নকৰি সকলোৱে সৰভোগ বজাৰলৈ ওলাই আহি আনুস্থানিকভাৱে অহিদুল আলিৰ দোকান খন পুনৰ আৰম্ভ কৰে। এই ক্ষেত্ৰত বাওঁ‌পন্থী নেতা মনোৰঞ্জন তালুকদাৰ আৰু সদৌ অসম গৰিয়া মৰিয়া দেশীয় জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুৰ ৰহমানে বিশেষ উদ্যোগ লয়। তেওঁলোকে ব্যৱসায়ী সকলৰ প্ৰতিও বিশেষ আহ্বান জনাই শান্তি-সম্প্ৰীতি বজাই ৰাখিবলৈ কয়। তাৎপৰ্যপূৰ্ণভাৱে মনোৰঞ্জন তালুকদাৰে হিংসা-বিদ্বেষ পৰিহাৰ কৰিবলৈ কোৱাৰ লগেতে সংঘাতৰ মূল সৃষ্টিকাৰী জ্যোতিষ নাথৰ দোকানখনো খুলিবলৈ জ্যোতিষ নাথৰ পৰিয়ালৰ প্ৰতি আহ্বান জনায়। আজি অহিদুলৰ দোকান খোলাৰ মূহুৰ্তত সৰভোগৰ বিভিন্ন অংশৰ বহু লোকে অংশগ্ৰহণ কৰে।  কিন্তু আচৰিত ধৰণে কালি যিসকল লোকে অহিদুলৰ দোকানৰ সামগ্ৰীত জুই দিয়াত আগভাগ লৈছিল বা থানাৰ সন্মুখত শ্লোগান দিছিল তেওঁলোকৰ কোনেও দোকান খোলাৰ সময়ত উপস্থিত নাথাকিল আনকি জ্যোতিষ নাথৰ পৰিয়ালৰ ওচৰলৈও নগ’ল। যিয়ে নহওক সৰভোগৰ গণতান্ত্ৰিক ৰাইজ আৰু আৰক্ষী প্ৰশাসনক সকলো ৰাইজে ধন্যবাদ জনাইছে।  সৰভোগৰ ৰাইজৰ এই কাৰ্যই সমগ্ৰ দেশৰ বাবে এক বিৰল নিদৰ্শন দাঙি ধৰিলে। সাম্প্ৰদায়িক শক্তি সি হিন্দুই হওক বা মুছলমানেই হওক গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ সমাজ ঐক্যবদ্ধ হৈ থাকিলে ইয়াক সহজে পৰাস্ত কৰিব পৰা যায়।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close