অসমশীৰ্ষ

২০১৮ বৰ্ষৰ জুন মাহৰ প্ৰথম সপ্তাহৰ দেওবাৰক সাক্ষী কৰি গঠিত হ’ল “ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন অৱ আসাম”(DiMJAA)

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰাজ্যত সক্ৰিয় হৈ থকা কেইবাটাও ডিজিটেল মিডিয়া গোষ্ঠী আৰু ইয়াৰ সংবাদ কৰ্মীসকলে বিভিন্ন সময়ত সন্মুখীন হৈ আহিবলগীয়া হোৱা বিভিন্ন সমস্যাৰ সমাধান, ডিজিটেল মিডিয়াৰ সাংবাদিক বন্ধুসকলৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰাকে আদি কৰি বিভিন্ন যুক্তিসম্বলিত দাবী হাতত লৈ ৰাজ্যৰ প্ৰায় ২০ টাকে ডিজিটেল মিডিয়া গোষ্ঠীৰ উপস্থিতত দেওবাৰে দিচপুৰ প্ৰেছ ক্লাৱত গঠিত হ’ল “ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন অৱ আসাম”(DiMJAA) নামৰ এটি নৱগঠিত সংগঠন৷

বৰ্ত্তমান সময়ত ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হোৱা ৱেৱ মিডিয়া গোষ্ঠীসমূহৰ জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি জ্যেষ্ঠ সাংবাদিক ৰাজেন শৰ্মাৰ সভাপতিত্বত দেওবাৰে দিছপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা এই সাধাৰণ সভাত অংশ গ্ৰহণ কৰিলে অসম সংবাদ, টাইমছ ৮, আসাম টাইমচ্, পাব্লিক প্ৰেছ, জনগণ নিউজ, জি-প্লাছ, নৰ্থ ইষ্ট নাও, প্ৰথম খবৰ, এন ই-ফকাছ, সংবাদ-৩৬৫, ই-টিভি ভাৰত, ইউবি ৱায়াৰ, ইনচাইড এন ই, নিউজ নেক্সট ৱান, হিলছ্ টাইমছ্, আসাম ডট অৰ্গ, দ্যা নিউজ মিলকে ধৰি ৰাজ্যৰ কেবাটাও জনপ্ৰিয় ৱেব মিডিয়া গোষ্ঠী৷

আনুষ্ঠানিক সিদ্ধান্তমৰ্মে দেওবাৰৰ এই সাধাৰণ সভাত নৱগঠিত সংগঠনটোৰ বিষয়-ববীয়া হিচাপে স্বপ্নীল ভড়ালীক সভাপতি, ৰঞ্জন বৰুৱাক কাৰ্যকৰী সভাপতি, আচিফ ইব্ৰাহিম আৰু বিশ্বজিত নাথক উপ-সভাপতি, মানস ৰয়ক সাধাৰণ সম্পাদক, ওৱাহিদুৰ ৰহমান, লক্ষী নাথ হীৰা, সংগীতা শইকীয়া, সিদ্ধাৰ্থ মেধি আৰু জয়ন্ত ডেকাক সহযোগী সম্পাদক, মহেশ ডেকাক সাংগঠনিক সম্পাদক, দুৰ্লভ গগৈক প্ৰচাৰ সম্পাদক, নিতুল ডেকাক কোষাধ্যক্ষ আৰু সভাত উপস্থিত থকা প্ৰত্যেকটো বেৱ মিডিয়া গোষ্ঠীৰ পৰা একোগৰাকীকৈ প্ৰতিনিধিক কাৰ্যনিৰ্বাহক সদস্যৰ দায়িত্ব প্ৰদান কৰা হয়৷

Related Articles

Leave a Reply

Close