অসমশীৰ্ষ

২০১৯ৰ বিহাৰ নিৰ্বাচনত নীতিশ কুমাৰ হ’ব এনডিএৰ মূখ্য প্ৰতিদ্বন্দ্বী

নিউজ ডেস্ক,প্ৰথম খবৰ:

বৰ্তমান নিৰ্বাচনৰ বতৰ। সকলোপিনে নিৰ্বাচনী বতাহ বলিছে। বিহাৰতো আৰম্ভ হৈছে নিৰ্বাচনী ৰণডংকা। প্ৰাপ্ত খবৰ অনুসৰি, এইবাৰৰ নিৰ্বাচনত বিজেপিৰ মূখ্য প্ৰত্যাহ্বানৰ কাৰণ হ’ব নীতিশ কুমাৰ। প্ৰায় দহখন ৰাজ্যত কৰা এক সমীক্ষাৰ ভিত্তিত জনতা দলৰ নীতিশ কুমাৰে বিজেপিৰ বাবে এক তুমুল প্ৰতিদ্বন্দ্বিতাৰ সৃষ্টি কৰিব বুলি ধাৰণা কৰা হৈছে। পাটনাত অনুষ্ঠিত এক বিশেষ সভাত জনতা দলে ২০১৯ চনত হ’বলগা লোকসভা নিৰ্বাচনত প্ৰায় ২৫ খন আসনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলিও উল্লেখ কৰিছে। প্ৰথম খবৰক দিয়া এক বিশেষ সাক্ষাৎকাৰত আৰজেডিৰ বিধায়ক ৰবীন্দ্ৰ সিঙে উল্লেখ কৰে যে, বিহাৰৰ সাধাৰণ জনতাই ৰাজনৈতিক বিকাশৰ কথা জানে। ২০১৯ অৰ নিৰ্বাচনৰ পিছত এই সম্পৰ্কীয় সকলো মতামত স্পষ্ট হ’ব। আনহাতে জনতা দলৰ বিধায়ক অমৰেন্দ্ৰ কুমাৰ পাণ্ডেৰ মতে,সকলোৱে নীতিশ কুমাৰক জানে। ৰাজ্যখনত থকা তেওঁৰ জনপ্ৰিয়তা কোনেও ভংগ কৰিব নোৱাৰে। ২০১৫ চনৰ পূৰ্বে বিহাৰত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। কিন্তু একমাত্ৰ নীতিশৰ বাবেই পিছৰ পৰ্যায়ত সকলো ঠিক হৈছিল। ৰাজ্যখনত এতিয়াৰপৰাই নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে।

Related Articles

Leave a Reply

Close