অসম

২২ জুনত ধেমাজিত চুতীয়া ছাত্ৰ সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান

প্ৰথম খবৰ,চিচিবৰগাঁও:বিগত বছৰৰ দৰে এইবছৰো ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চুতীয়া জনগোষ্ঠীৰ পৰীক্ষাৰ্থী সকলক সম্বৰ্দ্ধনা জনোৱা উদ্দেশ্য অহা ২২ জুন তাৰিখে পুৱা দহ বজাৰ পৰা ধেমাজিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰিছে। এক প্ৰেছ বিবৃতিৰ যোগে এই কথা সদৰী কৰিছে জিলা সমিতিৰ সভাপতি ৰঞ্জিত বৰুৱা চুতীয়া আৰু ভাৰপ্ৰাপ্ত সম্পাদক অজয় কুমাৰ চুতীয়াই। উক্ত দিনাৰ সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হোৱা চুতীয়া জনগোষ্ঠীৰ কৃতী ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকৰ উপস্থিতি একান্তই কামনা কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close