শীৰ্ষৰাষ্ট্ৰীয়

৪১ ডিগ্ৰী চেলছিয়াছৰ প্ৰচণ্ড শীত! হাৰিয়ানাত আজৱ ঘটনা

হাৰিয়ানাৰ সন্তৰাম নামৰ এজন ব্যক্তিৰ কথা পোহৰলৈ আহিছে, যিয়ে প্ৰচণ্ড গৰমতো চুৱেটাৰ পিন্ধে বা গৰম কাপোৰ উৰে

নিউজ ডেস্ক,প্ৰথম খবৰ: গৰম সহ্য কৰিব পাৰেনে? কিমান সহ্য় কৰিব পাৰে? কেতিয়াবা ভাবিছেনে গৰমৰ দিনত গৰম কাপোৰ পিন্ধিলে কি হ’ব পাৰে! হয়তো আপোনাৰ ভাবোতেই গৰম লাগিছে।

কিন্তু এনে এজন ব্যক্তি আছে যিয়ে গৰমৰ দিনত গৰম কাপোৰ পিন্ধে আৰু ঠাণ্ডাৰ দিনত ঘামে। আচৰিত যেন লাগিলেও সত্য যে,হাৰিয়ানাৰ মহেন্দ্ৰগড়ত সন্তৰাম নামৰ এজন ব্যক্তি আছে আৰু তেওঁ প্ৰচণ্ড গৰমতো চুৱেটাৰ পিন্ধে বা গৰম কাপোৰ উৰে। আৰু হাৰ কঁপোৱা জাৰত তেওঁ ঘামি থাকে।

এএনআইৰ ৰিপোৰ্ট মতে হাৰিয়ানাৰ এই ব্যক্তিজনে গৰমৰ দিনত যথেষ্ট ঠাণ্ডা অনুভৱ কৰে বাবে ৰ’দৰ উম ল’বলৈ বাহিৰলৈ ওলাই যায় আৰু জুইও ফুৱায়। আনহাতে ঠাণ্ডাৰ দিনত বৰফ খায় নাইবা ফ্ৰীজৰ পানী খাবলগীয়া হয়। দৰাচলতে তেওঁ চিগুৱাটেৰা নামৰ ৰোগত আক্ৰান্ত হৈছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞ চিকিৎসকে। এইবিধ ৰোগ মৎস্যজনিত বিষক্ৰিয়াৰ বাবে হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close