অসমশীৰ্ষ

৬ কেডাৰৰ আত্মসমৰ্পণক লৈ আলফা স্বাধীনৰ স্পষ্টীকৰণ

 নিউজ ডেস্ক প্ৰথম খবৰ: ক্ৰমাৎ যেন গণবিছিন্ন হৈ পৰিছে (স্বাধীন) এন এচ চি এন খাপলাং গোটৰ লগত লগ লাগি একাধিক কুটাঘাট সংঘটিত কৰি আহিছে আলফা (স্বাধীনে)। আৰক্ষী বিষয়া ভাস্কৰ বৰুৱাৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি নাগালেণ্ডৰ মন জিলাত হোৱা অসম ৰাইফলচৰ ওপৰত হোৱো আক্ৰমণে ইয়াকে সূচাইছে যে আলফাই নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰিবৰ বাবে কুটাঘাট সংঘটিত কৰি আছে। কিছুদিন আগতে আলফা (স্বাধীন)ৰ ছয়জন সদস্যই আত্মসমৰ্পণ কৰে আৰু এই আত্মসমৰ্পণক আলফাই নাটক আখ্যা দিয়ে। এক বিবৃতিযোগে আলফা স্বাধীনে উল্লেখ কৰে যে প্ৰায় ৮ মাহ ধৰি সদস্যকেইজন আৰক্ষীৰ তত্বাৱধানত আছিল। আৰক্ষীৰ তত্বাৱধানত থাকি তিনিচুকীয়াৰ বিভিন্ন ঠাইৰ লগতে অৰুণাচলৰ নামচাই, লোহিত, ডিবাং আৰু চাংলাঙৰ বিভিন্ন অঞ্চলত খিলঞ্জীয়া মানুহক ধনদাবী কৰি আলফা(স্বাঃ)আলফা ক জনমানসত হেয় প্ৰতিপন্ন কৰা কাৰ্যত লিপ্ত আছিল। এই আত্মসমৰ্পণৰ নাটকে আলফা(স্বাঃ)ক ক্ষতি কৰাৰ সলনি উপকৃতহে কৰিছে বুলি উল্লেখ কৰে বিবৃতিটোত আলফা স্বাধীনে।

Related Articles

Leave a Reply

Close