অসমবিনোদনযুৱশীৰ্ষ

ৰাভা দিৱসত শিল্পীৰ মনৰ কথা

এণ্টাৰটেইনমেণ্ট ডেস্ক,প্ৰথম খবৰ: আজি ৰাভা দিৱস। সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত  সুঁৱৰিছে  কলাগুৰু বিষ্ণু ৰাভাক। পাশ্চাত্য সংস্কৃতিয়ে গা কৰি উঠা ক্ষণত ৰাভা দিৱসৰ প্ৰাসংগিকতা কিমান? আজিৰ যুৱ প্ৰজন্মই বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালাক কিদৰে মনত ৰাখিছে সেয়া বহুতৰ বাবে প্ৰশ্নবোধক। কথাটো অসত্য নহয়। বৰ্তমানৰ প্ৰায়ভাগ শিশুৱে নাজানে জ্যোতি বিষ্ণুৰ কথা। এই ক্ষেত্ৰত অসমৰ জনপ্ৰিয় শিল্পীসকলে “প্ৰথম খবৰ”ৰ আগত  ৰাভা দিৱসৰ প্ৰাসংগিকতা সম্পৰ্কে কয় যে –

সুবাসনা দত্ত 

ৰাভা দিৱসৰ প্ৰসংগত সুবাসনা দত্তই মন্তব্য কৰে যে “বৰ্তমানৰ নৱপ্ৰজন্মই পুৰণি লোক-সংগীত সমূহৰ সলনি পাশ্চাত্য সংগীতৰ প্ৰতি আকৰ্ষিতৱ হয়। এই ক্ষেত্ৰত আমাৰ লোক সংগীত সমূহ জীয়াই ৰাখিব হলে বিদ্যালয় সমূহে বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগিব। ৰভা দিৱস আদিৰ দৰে বিশেষ দিনবোৰৰ এসপ্তাহ আগৰেপৰাই যদি এই গীত সমূহৰ চৰ্চা কৰা হয় তেন্তে নৱপ্ৰজন্মই ইয়াৰে পৰা বহুখিনি লাভান্বিত হ’ব। ঠায়ে ঠায়ে পুৰণি সংগীতসমূহৰ ওপৰত কৰ্মশালাৰ অনুষ্ঠিত কৰিব লাগে আৰু প্ৰয়োজন হ’লে শিল্পী সমাজেও সহযোগ কৰিব।

 

দিক্ষু

জাতীয়তাবোধ জগাই তোলাৰ মূল ভেঁটি হৈছে ঘৰখন। সেয়েহে নৱপ্ৰজন্মক নিজৰ ঘৰখনৰ পৰাই এটি ভাল পৰিবেশ দিবলৈ যত্ন কৰিব লাগিব আৰু এই ক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব অধিক। ৰাভা সংগীত, জ্যোতিসঙ্গীত বা ভূপেন্দ্ৰ সঙ্গীত আদিৰ দৰে সাংস্কৃতিক জ্ঞানখিনি ঘৰতে প্ৰদান কৰিব লাগে। ঘৰৰ পিছত দায়িত্ব বিদ্যালয়ৰ। বিদ্যালয়ত এইবোৰৰ চৰ্চা কৰাব লাগে। সমাজ পৰিবৰ্তন কৰিব হ’লে এই দিশবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব।

চয়নিকা ভূঞা

আজিকালিৰ ল’ৰা-ছোৱালীয়ে জ্যোতি, বিষ্ণুক চিনি নাপায়। সেয়েহে নৱপ্ৰজন্মক জ্যোতি-বিষ্ণুৰ বিষয়ে জানিবলৈ স্কুল-কলেজৰ লগতে সকলো ৰাইজে এইবোৰ দিন পালন কৰিব লাগে। বন্ধৰ দিনবোৰতো এইবোৰৰ চৰ্চা কৰাৰ ব্যৱস্থা কৰিব লাগে, এনে কৰিলেহে নৱপ্ৰজন্মই জ্যোতি-ৰাভাৰ কথা জানিব পাৰিব। জ্যোতি বা ৰাভা সংগীতৰ উপৰিও বিহুৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগে। বিহু বুলিলে আধুনিক বা বৰ্তমানৰ বিহু নহয়,  যিবোৰ পুৰণিকলীয়া বিহুগীত সেইবোৰৰ ওপৰতহে গুৰুত্ব প্ৰদান কৰিব লাগে বুলি তেওঁ কয়।

নিৰ্মালী দাস

পুৰণি গীতসমূহৰ পৰা একোটা বাৰ্তা পাইছিলো সেয়া জ্যোতি-ৰাভা বা ভূপেন্দ্ৰ সঙ্গীতেই নহওক কিয় কিন্তু আজিকালিৰ গীতৰ মাজত সেইটো বাৰ্তা পোৱা নাযায়। আগৰদিনৰ গীতৰ কথাবোৰে সমাজক এক বাৰ্তা প্ৰদান কৰিছিল আৰু সেই বাৰ্তাবোৰে সমাজখন ধৰি ৰখাত সহায় কৰিছিল। সেই সময়ৰ মানুহবোৰো সমাজৰ প্ৰতি দায়বদ্ধ আছিল। গতিকে গীতবোৰ তেনেকুৱা হ’ব লাগে। তেতিয়াহে মানুহবোৰ সমাজৰ প্ৰতি দায়বদ্ধ হ’ব। ঘৰ স্কুল, কলেজ আদিতো এইবোৰৰ চৰ্চা কৰিব লাগে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close