অসম

ৰেল ষ্টেচন স্থাপনৰ দাবীত গোৱালপাৰা জিলাৰ দৰংগিৰিত তিনি জুলাইত ৰেলপথ অবৰোধ কাৰ্যসূচী গ্ৰহণ দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ

দুধনৈৰপৰা ভবেশ চন্দ্ৰ ভাগৱতী প্ৰথম খবৰ: এচিয়া মহাদেশৰ ভিতৰতে বিখ্যাত কল বজাৰ গোৱালপাৰা জিলাৰ দৰংগিৰিত ৰেল ষ্টেচন স্থাপনৰ দাবীত অহা তিনি জুলাইত দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত ৰেলপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি আজি দৰংগিৰি আঞ্চলিক উন্নয়ন সমিতিৰ সভাপতি ৰঞ্জিত বোসে এক সংবাদ মেল যোগে ঘোষণা কৰে।সাংবাদিক সকলক উদ্দেশ্যি সভাপতি গৰাকীয়ে কয় যে ২০০৫ চনৰ পৰাই দৰংগিৰিত ৰেলষ্টেচন স্থাপন দাবীত উত্তৰ পুব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয়, ৰঙিয়াৰ মাণ্ডলিক কাৰ্যালয়ত দাবী উথ্থাপন কৰি থকা হৈছে যদিও বিভাগীয় কতৃপক্ষই বৰ্তমানলৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰ কেৱল প্ৰতাৰণা কৰি আহিছে দৰংগিৰী বাসীক। সেয়েহে ৰেল বিভাগৰ প্ৰতি বিদ্বেষ প্ৰকাশ কৰি অতি সোনকালে দৰংগিৰিত ৰেলষ্টেচন স্থাপন কৰাৰ দাবীত বাধ্যহৈ ৰেলপথ অবৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close