অসমশীৰ্ষৰাষ্ট্ৰীয়

আদৰ্শ সমাজ গঢ়িবলৈ চাইকেলেৰে ভাৰত ভ্ৰমণ

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান যুগত মহিলা পিছ পৰি থকা নাই। এই কথা প্ৰমাণ কৰিলে দুগৰাকী কিশোৰী। বিহাৰৰ উৰ্মিলা যাদৱ আৰু ঝাৰখণ্ডৰ সবিত্ৰী মামূৰে ১৩ অক্টোবৰ ২০১৭ চনৰ পৰা চাইকেলেৰে দেশৰ বিভিন্ন ৰাজ্যত ভ্ৰমণ কৰি আছে। এই দুগৰাকী সাহসী কিশোৰী বৰ্তমান লৈকে চাইকেল মোট ২৪ খন ৰাজ্য ভ্ৰমণ কৰি বুধবাৰে অসমৰ লামডিঙত উপস্থিত হয়। দেশত আদৰ্শ নাগৰিক সমাজ নিৰ্মান কৰা এই ভ্ৰমণৰ মূল উদ্দেশ্য। কিন্তু আদৰ্শ নাগৰিক সমাজ নিৰ্মান কৰাৰৰ উদ্দেশ্য আহি অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত অলপ বেয়া অনুভূৱ হৈছে এই দুগৰাকী কিশোৰীৰ।  অৰুণাচল প্ৰদেশত এজন ব্যক্তিয়ে ৰাজুহুৱা স্থানত ধূমপান কৰাত বাধা প্ৰধান কৰাৰ বাবে বেয়া ব্যৱহাৰ কৰিছিল বিহাৰৰ পৰা অহা এই দুগৰাকী কিশোৰীৰ লগত। নাগালেণ্ডত এজন যুৱকৰ পৰা অলপ খোৱাপানী বিচাৰিছিল কিন্ত খোৱা পানীৰ পৰিৱৰ্তে নাগালেণ্ডৰ যুৱকজনে মোবাইল বিচাৰিছিল বুলি এক বেয়া মন্তব্য প্ৰদান কৰিছিল। অসমৰ পিছত মণিপুৰ লৈ যাত্ৰা কৰিব এই দুই কিশোৰীয়ে। সমাজত নাৰী কোনো অংশত কম নহয় আৰু ৰাইজক সমাজৰ প্ৰতি নিজৰ দায়িত্ব পালন কৰি এখন আদৰ্শ নাগৰিক সমাজ গঢ়াৰ অনুৰোধ কৰে এই ব্যতিক্ৰম দুগৰাকী কিশোৰীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close