অসম

শিৱসাগৰত নিৰ্লজ্জ ঘটনা! পুনৰ ছাত্ৰীক অশালীন ব্যৱহাৰ শিক্ষকৰ

 

প্ৰথম খবৰ শিৱসাগৰ : শিৱসাগৰত সভ্য সভাজক লজ্জানত কৰা জঘন্য ঘটনা ৷ ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগত শ্ৰেণী কোঠাৰ পৰা টানি আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ শিক্ষাগুৰুক ৷ শ্ৰেণীকোঠাত দীৰ্ঘদিনীয়া অনুপস্থিতিৰ বাবে পৰীক্ষাত অভিযোগকাৰী ছাত্ৰীক বহিবলৈ দিয়া নাছিল শিক্ষক দেব মহনে ৷ অভিযোগকাৰী ছাত্ৰীৰ লগতে সহকৰ্মী আৰু বিদ্যালয়ৰ আন ছাত্ৰ- ছাত্ৰীয়েও কান্দি কান্দি কলে – চাৰ ভাল ৷ চক্ৰান্তৰ বলি হল নেকি বিজ্ঞান শিক্ষক দেব মহন নামৰ বিজ্ঞান বিষয়ৰ শিক্ষক দেৱ মহন |
শিৱসাগৰত সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা ৷ দিলিহী ধাই আলি উচ্চ মাধ্যমিক বিদ্যালয়ত সংঘটিত এই ঘটনা ৷ বিদ্যালয় খনৰ শ্ৰেণী কোঠাৰ পৰা উলিয়াই আনি গুৰুলা গুৰুলকৈ প্ৰহাৰ বিদ্যালয়খনৰ বিজ্ঞান শিক্ষক দেব মহনক ৷ এটা NGO ৰ কেইজনমান কৰ্মীয়ে প্ৰহাৰ কৰে শিক্ষকজনক ৷ আক্ৰমনকাৰী সকলৰ অভিযোগ মতে – সপ্তম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক অশ্লীল ইংগিত দিছিল শিক্ষক দেব মহনে ৷ ইফালে যি গৰাকী ছাত্ৰীৰ অভিযোগৰ ভিত্তিত শিক্ষক গৰাকীক আক্ৰমণৰ ঘটনা সংঘটিত হল, সেই গৰাকী ছাত্ৰীৰে কেমেৰাৰ সন্মুখত বিপৰীত ভাষ্য— চাৰ ভাল ৷ কাৰ ষড়যন্ত্ৰত এই অভিযোগ ছাত্ৰী গৰাকীৰ ,
আনহাতে বিদ্যালয়তে এগৰাকী শিক্ষকক শাৰিৰীক আক্ৰমনৰ ঘটনাক সহজভাবে লোৱা নাই বিদ্যালয়ৰ সহকৰ্মী আৰু অন্যান্য শিক্ষাৰ্থীয়ে ৷ শিক্ষক দেব মহনক ভাল মানুহ বুলি স্বীকৃতি দি শিক্ষক- ছাত্ৰীয়ে কলে – এয়া চক্ৰান্ত ৷ কান্দোনত ভাগি পৰিল ছাত্ৰ – ছাত্ৰী ৷ স্বয়ং বিদ্যালয়ৰ প্ৰধান শিক্ষককো অভিযোগ নিদিয়াকৈ শিক্ষকগৰাকীক মাৰপিট কৰা ঘটনাত ক্ষোভিত বিদ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে আক্ৰমনকাৰীৰ বিৰোদ্ধে শিৱসাগৰ সদৰ থানাত দাখিল কৰিছে এজাহাৰ ৷
আনহাতে অভিযুক্ত শিক্ষক দেব মহনেও অস্বীকাৰ কৰিছে সমগ্ৰ ঘটনা ৷ শ্ৰেণী কোঠাত শিক্ষকজনে গ্ৰহণ কৰা কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ বাবেই এনে ঘটনা সংঘটিত হোৱা বুলি মন্তব্য শিক্ষকজনৰ । এতিয়া প্ৰশ্ন হল – কাৰ কথা সঁচা কাৰ কথা মিছা উচিত তদন্তইহে পোহৰাব | শিক্ষক দেব মহনে প্ৰকৃততেই অভিযোগ উত্থাপন হোৱাৰ দৰেই অশালীন মন্তব্য প্ৰদান কৰিছিল নে অনুশাসনত কঠোৰ হোৱাৰ বাবেই শিক্ষক গৰাকী এক দুষ্টচক্ৰ চক্ৰান্তৰ বলি হল সিওঁ এক ৰসহ্য আৱত্তত | অভিযোগকাৰী ছাত্ৰী গৰাকীয়ে প্ৰথমাৱস্থাত অনা অভিযোগটো নিজ মুখেৰে সংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখত পুনৰ বিপৰীত ভাষ্য প্ৰদান কৰা বিষয়টোৱে সেয়া যে শিক্ষক জনৰ ওপৰত পৰিকল্পিত তথা চক্ৰান্তমুলক ঘটনা স্পষ্ট হৈ পৰিছে | ঘটনাটো সন্দৰ্ভত আৰক্ষীৰ তদন্ততহে প্ৰকৃত সত্য উদ্ঘাটন হব ৷ সম্প্ৰতি আক্ৰমনকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰি শিৱসাগৰ আৰক্ষীয়ে সদৰ থানাত আনে ৷

Related Articles

Leave a Reply

Close