কবিতাসাহিত্য

আকৌ জোনাক নামিব পাঞ্জুৰীত

অনুৰণন আদিত্য

কাণ্ঠিলাংছ’ত সিদিনা জোনাক নাছিল
মানৱতা! বোধকৰো মানৱতাও

সপোন এজাক লৈ তেওঁলোক আগুৱাইছিল
তেওঁলোকৰ সপোনজাক তোমালোকে আঁজুৰি নিলা
কিয়?
তেওঁলোকৰ সপোনে কি আঘাত দিছিল তোমালোকক?

আৰু মাথোঁ পাঁচটা মাহ
তেওঁলোকে মাহ-হালধিৰে ধুলেহেঁতেন গা
তোমালোকে আজিয়েই ধুৱাই দিলা
মাহ-হালধিৰে নহয়
তেওঁলোকৰেই ৰঙা ৰঙা তেজেৰে

যি তেজত তগবগাই উঠে সৃষ্টিৰ অশ্বমেধ
যি তেজত বগাই ফুৰে ভৱিষ্যতৰ সম্ভাৱনা
সকলোখিনি তেজেইতো বোৱাই দিলা পাঞ্জুৰীত

পাঞ্জুৰী ৰঙা হৈ পৰিছে তেজেৰে
আমি ৰঙা হৈ পৰিছোঁ খঙেৰে
তোমালোকতো এতিয়াও স্পন্দনহীন

তোমালোকৰ হিংস্ৰতাক মানৱতাই কেনেকৈ স্পৰ্শ কৰিব?
কেনেকৈ ৰঙা হ’বা তোমালোক,লাজত?
অসভ্য সভ্যতাই তোমালোকক আৱৰি ৰাখিছে
অভব্য নিষ্ঠুৰতাই তোমালোকক শেষ কৰিছে
অথচ, তোমালোকে ভাবিছা
তোমালোক অক্ষয় শক্তিৰে যেন বলিয়ান হৈ পৰিছা

তেওঁলোকৰ গাত পৰা প্ৰতিটো আঘাত
কেৱল তেওঁলোকৰ ওপৰত আঘাত নাছিল
তেওঁলোকৰ গাত পৰা প্ৰতিটো আঘাত
সভ্যতাৰ ওপৰত আঘাত আছিল
আঘাত আছিল মানৱতাৰ ওপৰত

আঘাতেৰে মানৱতা শেষ কৰি দিব নোৱাৰিবা
সম্ভাৱনাময় প্ৰতিটো তেজৰ টোপালৰপৰা
পুনৰ উঠি আহিব একো একোজন অভিজিত
পুনৰ উঠি আহিব একো একোজন নীলোৎপল

আমি একো একোটা ফিনিক্স
প্ৰতিজনেই
এদিন তোমালোকৰ নিষ্ঠুৰতাৰ ওপৰত ভৰি থৈ
আমি পুনৰ উৰুৱাম সভ্যতাৰ নিচান
মানৱতাৰ নিচান

Related Articles

Leave a Reply

Close