অসমবিনোদন

কামাখ্যা তথ্যচিত্ৰ মুকলি

নিউজ ডেস্ক,প্ৰথম খবৰ:কামাখ্যাধামত অম্বুবাচীৰ অন্ত পৰাৰ সমান্তৰালকৈ মুকলি হ’ল “জয় মা কামাখ্যা” তথ্যচিত্ৰ। প্ৰায় এবছৰীয়া অশেষ কষ্ট আৰু পৰিশ্ৰমৰ পিছত স্পৃহা সঞ্জীৱনীৰ বেনাৰত উদীয়মান নবীন পৰিচালক সৌৰভ জ্যোতি গোস্বামী আৰু তেওঁৰ দলে সম্পূৰ্ণ কৰি উলিয়ালে এই বিশেষ তথ্যচিত্ৰখন। এক বিশেষ কাৰ্য্যসূচীৰে সকলোৰে উপস্থিতিত এই তথ্যচিত্ৰখন মুকলি কৰা হয়। য’ত উপস্থিত আছিল পৰিচালক সৌৰভ জ্যোতি গোস্বামী প্ৰমূখ্যে তথ্যচিত্ৰখনৰ বিশেষ ব্যক্তি মৃদুস্মিতা শৰ্মা, যুগল কাশ্যপ আৰু সঞ্জীৱ গগৈ। অনুষ্ঠানটোত প্ৰথমে নিজৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি দহজনীয়া লোকৰ দলটোৰ সকলোকে ভূয়সী প্ৰশংসা তথা ধন্যবাদ জ্ঞাপন কৰে পৰিচালক সৌৰভ গোস্বামীয়ে। এইক্ষেত্ৰত তেওঁ মৃদুস্মিতা শৰ্মাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে যুগল কাশ্যপ তথা ৰুবী চক্ৰৱৰ্তীৰ বিশেষ সহযোগীতাৰো শলাগ লয়। অনুষ্ঠানটোত মৃদুস্মিতা শৰ্মাইও তেওঁৰ বিভিন্ন অভিজ্ঞতাৰ কথা ব্যক্ত কৰাৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। উল্লেখ্য, উক্ত তথ্যচিত্ৰখন অসমীয়া, হিন্দী আৰু ইংৰাজী এই তিনিটা ভাষাত নিৰ্মাণ কৰা হৈছে। তথ্যচিত্ৰখন বিশেষকৈ কামাখ্যাৰ বিভিন্ন মন্দিৰ, অম্বুবাচী মেলা তথা আন বহুতো বিষয়ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। তথ্যচিত্ৰখনৰ প্ৰযোজকসকল হৈছে ক্ৰমে সৌৰভ জ্যোতি গোস্বামী, পৰিস্মিতা পাটৰ, কল্পজ্যোতি শইকীয়া, প্ৰিয়ংকা বৰুৱা আৰু ভাগ্যশ্ৰী দলৈ। ভইচ অ’ভাৰ মৃদুস্মিতা শৰ্মা, যুগল কাশ্যপ আৰু ৰুবী চক্ৰৱৰ্তীৰ। চিত্ৰনাট্যকাৰসকল হৈছে ক্ৰমে সৌৰভ জ্যোতি গোস্বামী, পৰিস্মিতা পাটৰ, কল্পজ্যোতি শইকীয়া, প্ৰিয়ংকা বৰুৱা, ৰুবী চক্ৰৱৰ্তী আৰু সঞ্জীৱ গগৈ। পৰিচালনা সৌৰভ জ্যোতি গোস্বামীৰ। এডিটিং তথা ভিএফএক্স আৰু ডিঅ’পি ক্ৰমে যুগল কাশ্যপ আৰু শুভম মোদকৰ। তথ্যচিত্ৰখনৰ মিডিয়া পাৰ্টনাৰৰ দায়িত্বত আছে ক্ৰমে ভাল খবৰ, বিচ্ছুৰিত বৰ্ণালী, মৰমলেণ্ড News, অসমীয়া নাৰী, প্ৰথম খবৰ আৰু People’s ভইচ। এই তথ্যচিত্ৰখনৰ ডিভিডিৰ মূল্য মাত্ৰ ৭৫ টকা। ইতিমধ্যে তথ্যচিত্ৰখন কামাখ্যাত মুকলি কৰি দিয়া হৈছে। ইচ্ছুকসকলে কামাখ্যাৰ বিভিন্ন বিপণীত খবৰ কৰি তথ্যচিত্ৰখন সংগ্ৰহ কৰিব পাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close