অসম

“MISSION EGG- ঘৰে ঘৰে কুকুৰা” অভিযানৰ অধীনত বিশেষ ব্যৱস্থা

শিমলুগুৰিৰপৰা নেকিবুল হক,প্ৰথম খবৰ:স্ব-ইচ্ছাই অবৈধ সুৰা ব্যৱসায় ত্যাগ কৰা ব্যক্তিৰ প্ৰতি “MISSION EGG- ঘৰে ঘৰে কুকুৰা” অভিযানৰ অধীনত এক ব্যতিক্ৰমী আৰু গঠনমুলক প্ৰয়াস নাজিৰা মহকুমা প্ৰশাসন, নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান নাজিৰা খণ্ড অভিযান পৰিচালনা শাখা আৰু বেচৰকাৰী স্ংস্থা ফেহুজালিৰ দ্বাৰা অলপতে গ্ৰহণ কৰা হয়।এই উদ্দেশ্য আগত ৰাখি যোৱা ৭ জুন তাৰিখে নাজিৰা মহকুমাৰ স্থানীয় নমাটি অঞ্চলৰ বছা গাওঁত অঞ্চলটোৰ আত্মসহায়ক গোটৰ মহিলা সদস্যসকলৰ অংশগ্ৰহনত উন্নত জাতৰ কুকুৰা পোৱালী স্থানীয় ৰাইজক হস্তান্তৰ কৰাৰ এখন সভা আয়োজন কৰা হয়।উক্ত সভাত নাজিৰা মহকুমাৰ অন্তৰ্গত স্থানীয় হুলাল কলিতা গাওঁৰ বসন্ত গগৈ, বিনন্দ গগৈ আৰু ৰঞ্জিত হাজৰিকা নামৰ তিনিগৰাকী ব্যক্তিৰ পৰিয়ালবৰ্গক “MISSION EGG- ঘৰে ঘৰে কুকুৰা” অভিযানৰ তৰফৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালী যোগান ধৰা হয়।

উল্লেষযোগ্য যে যোৱা ইংৰাজী ২৪ মে, ২০১৮ তাৰিখে অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি ৰাজীৱ থাপা, নাজিৰা ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাস আৰু হুলাল কলিতা গাওঁৰ গাওঁবুঢ়া নীলমণি গগৈয়ে লোৱা বিশেষ ভূমিকাৰ বাবে উপৰোক্ত কেইজনে স্ব-ইচ্ছাই ত্যাগ কৰিছিল অবৈধ সুৰা ব্যৱসায়।
কিন্ত পৰবৰ্তী সময়ত অবৈধ সুৰা ব্যৱসায় ত্যাগ কৰা ব্যক্তিকেইজনৰ লগতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ বাবে অতি প্ৰয়োজন হৈ পৰিছিল জীৱন নিৰ্বাহৰ এটা বিকল্প পথ।
তদুপলক্ষ্যে যোৱা ৭ জুন তাৰিখে নাজিৰা ৰাজহ চক্ৰ বিষয়া ড° গনেশ চন্দ্ৰ দাস,কোষাগাৰ বিষয়া তপনজিত ডেকা,জনসংযোগ বিষয়া জয়ন্ত মাউত,নাজিৰা ৰাজ্যিক পশু চিকিৎসালয়ৰ পশু চিকিৎসা বিষয়া ডা° জগদীশ বৰ্মণ,অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ খণ্ড প্ৰকল্প পৰিচালক ডেভিদ তিৰ্কী,ৰঞ্জন দুৱৰা আদি ব্যক্তিসকলৰ উপস্থিতিত সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত জাতৰ কুকুৰা পোৱালী যোগান ধৰা হয়।সভাত অংশগ্ৰহন কৰা আটাইকেইজন ব্যক্তিয়ে ভাষন প্ৰষংগত উপস্থিত ৰাইজনক পশুপালন তথা কৃষিকৰ্মত নিজকে আত্মনিয়োগ কৰি গ্ৰাম্য অৰ্থনীতি সৱল কৰিবলৈ আহ্বান জনায়।

Related Articles

Leave a Reply

Close