নিবন্ধবিনোদন

আজি বিশ্ব সংগীত দিৱস

অনুৰূপা ডেকা

সংগীতেই ভাঙে সংকীৰ্ণতাৰ যাত্ৰা। শিল্পীৰ মাদকতাত শাৰীয়ে শাৰীয়ে বৈছে সুৰীয়া গীতৰ সুবাস সনা সন্ধ্যা। গীতৰ ৰাগীত মাতাল হৈ পৰে জলপৰীৰ সাধুকথা। সংগীতেই সুবাস সংগীতেই সুৰ সংগীতেই পথিক। সংগীতে মানুহৰ মগজুৰ উদ্দীপকৰ কাম কৰি মানসিক উৎকৰ্ষ সাধনত সহায় কৰে। বুদ্ধিমত্তা বৃদ্ধিত অৰিহণা যোগায়। মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন। সৰুকালত পঢ়া-শুনাৰ ক্ষেত্ৰত ইমানেই দুৰ্বল আছিল যে এটা সময়ত তেখেতক শিক্ষকে বিদ্যালয়ৰ পৰা একপ্ৰকাৰে বিদায়েই দিছিল আৰু পিতৃ-মাতৃক কোনো সহজ কামত তেওঁক নিয়োযিত কৰিবলৈ পৰামৰ্শ দিছিল। এলবাৰ্টৰ পিতৃ-মাতৃয়ে সেই সময়ত তেওঁৰ মনোযোগ আকৰ্ষণৰ বাবে এখন ভায়’লিন উপহাৰ দিলে। লাহে লাহে এলবাৰ্ট ভায়’লিন বজোৱাত অতি দক্ষ হৈ পৰিল আৰু তাৰ লগে লগে তেখেতৰ বুদ্ধিমত্তাৰো উত্তৰণ ঘটিবলৈ আৰম্ভ হ’ল। ফলস্বৰূপে পঢ়া-শুনাত অতি দুৰ্বল ছাত্ৰজনে পিছৰ সময়ছোৱাত নিজকে এজন বিখ্যাত বিজ্ঞানী হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল। আইনষ্টাইনৰ লগতে তেওঁৰ বন্ধুসকলেও স্বীকাৰ কৰি গৈছে যে ভায়’লিনৰ সংগীতে তেখেতক এনেকৈ উজ্জীৱিত কৰিছিল যে লাহে লাহে তেওঁ অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় দিবলৈ সক্ষম হৈ পৰিল। বিজ্ঞানৰ জটিল উপপাদ্যবোৰ সমাধান কৰাৰ সময়ত ভায়’লিন বাদন তেওঁৰ একপ্ৰকাৰৰ অভ্যাসত পৰিণত হৈছিল। এয়া এক উদাহৰণ মাত্ৰ। সচাই সংগীত এক দুৰাৰোগ্যৰ ঔষধ ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close