অসমকবিতাসাহিত্য

প্ৰমিছ মা প্ৰমিছ

অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ সোঁৱৰণত

বৰ্ষাজ্যোতি দাস

অ’ মা, মই আহি পালোঁ দিয়া।
আহি পাই তোমাক খবৰেই দিয়া নাই।
আচলতে শুই পৰিছিলো।

বৰ ভাগৰ লাগিছিল।
বৰ শান্তিত শুইছো এই দুদিন।
শনিবাৰে খুব কষ্ট হৈছিল যে।

অ’ মা, তুমি কান্দিয়েই আছা যে?
তুমি কান্দি কাটি নাথাকিবাচোন,মোৰ ভাল নালাগে।
আৰু মইতো ইয়াত একো অসুবিধা পোৱা নাই।
বৰঞ্চ সেই পাষণ্ড কেইটাৰ নিচিনা ইয়াত কোনো নাই।
মই সুখতহে আছো।
তুমি কিন্তু সময়মতে খোৱা-বোৱা কৰিবা দেই।
তেতিয়াহে দেউতাই ভাল পাব, নহ’লে দেউতাৰ গাতো আৰু বেয়া হৈ যাব মা।
এতিয়া মইয়ো তোমালোকৰ কেয়াৰ ল’ব নোৱাৰিম!

কিন্তু মা তোমালোকে গম পালানে মোৰ কি ভুল আছিল?
চুলিকোচা নেকি বাৰু?
হিঃ হিঃ!
তেনেকুৱা চুলি দেখোন শিৱ বাবাৰো আছিল।
আৰু অসমৰ মানুহে ষ্টাইল-ফেশ্যন এইবোৰ একো নাজানেই নেকি?
বহুত পিছপৰি ৰ’ল দেই আমাৰ অসমখন!

জনমভূমিৰ বাবে কিবা এটা কৰিম বুলিয়েই ঘৰলৈ আহিছিলোঁ।
তুমি দেখোন গ’মেই পোৱা প্ৰজেক্ট কেইটাৰ কথা।
ছেহঃ কামবোৰ বৰ বেয়াকৈ থাকি গ’ল।
ওহ: তোমাৰো এটা প্ৰজেক্ট আধৰুৱা হৈ ৰ’ল নহয়।
বুজা নাই ন?
কিয় তুমি ৰাছিয়ান বোৱাৰীজনী চাম বুলি কৈ থাকা যে।
হ’ব দিয়া!
সেইবোৰ বাদ দিলোঁ। অতীত মাথোঁ।

মা মই বহু চেষ্টা কৰিও জীৱনৰ যুঁজত হাৰি গলোঁ।
মই দেখোন সিহঁতক কৈছিলো মই অসমীয়া বুলি।
সিহঁতে নুবুজেই নেকি অসমীয়া ভাষা!
তুমি চিন্তা নকৰিবা মা,মই তোমাক সপোনত সদায় দেখা দিম।
তুমি কেৱল নিজৰ আৰু দেউতাৰ যত্ন ল’বা।
অহাবাৰ যেতিয়া নৰপিশাচৰ পৃথিৱীলৈ যাম তোমাকেই মা বুলি মাতিম।
প্ৰমিছ মা প্ৰমিছ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close