অসম

ইগনাইটেড মাইণ্ডচৰ দুদিনীয়া কৰ্মশালা

নিউজ ডেস্ক,প্ৰথম খবৰ: বৃত্তিমূলক শিক্ষাৰ নগৰী গুৱাহাটী। ইয়াত আছে বিভিন্ন বৃত্তিমূলক শিক্ষা প্ৰতিষ্ঠান। কিন্তু শেহতীয়াকৈ পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটীত মুকলি হ’ল সৃষ্টিশীল লেখাৰ এক অনন্য শিক্ষা প্ৰতিষ্ঠান। যাৰ নাম হৈছে ইগনাইটেড মাইণ্ড্চ। ২৩ আৰু ২৪ জুনত দুদিনীয়া কাৰ্য্যসূচীৰে ভেটাপাৰাত সৃষ্টিশীল লেখা, যোগাযোগ সাংবাদিকতা তথা গ্ৰাফিকচ্ এন এনিমেচনৰ এক বিশেষ কৰ্মশালাৰে প্ৰতিষ্ঠানখন মুকলি কৰা হয়। য’ত প্ৰতিষ্ঠানখনৰ স্বত্ত্বাধিকাৰী তথা গুৱাহাটী অনাতাৰ কেন্দ্ৰৰ ঘোষিকা মৃদুস্মিতা শৰ্মাৰ লগতে উপস্থিত থাকে গ্ৰাফিকচ্ এন এনিমেচন পাঠ্যক্ৰমৰ অনুষদ ৰাজীৱ কে বৰ্মন, নন্দিনী আলোচনীৰ লেখিকা ৰিতু গগৈ আৰু মুম্বাইকেন্দ্ৰিক সাংবাদিক তথা গায়িকা সংগীতা চমুৱা। সৃষ্টিশীল লেখা, সাংবাদিকতা তথা গ্ৰাফিকচ্ এন এনিমেচনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা এই কৰ্মশালাত উপস্থিত থাকে বিভিন্ন শিক্ষাৰ্থীও। উল্লেখ্য, বৃত্তিমূলক শিক্ষাৰ সমান্তৰালকৈ সৃষ্টিশীল লেখাৰো সমাজত এক গুৰুত্বপূৰ্ণ অৱদান আছে। সৃষ্টিশীল লেখাৰে বিভিন্ন সৃষ্টিশীল কাম যেনে তথ্যচিত্ৰ, চলচ্চিত্ৰ নিৰ্মাণৰ লগতে ৱেব পৰ্টেল, অনুবাদ আদিৰ কাম কৰিও সেয়া বিভিন্ন ক্ষেত্ৰত প্ৰয়োগ কৰিবপৰা যায়। অতি কম খৰচত সকলোৰে সুবিধা হোৱাকৈ প্ৰতিষ্ঠানখনে নিজৰ পাঠ্যক্ৰমসমূহ আগবঢ়াইছে। শেহতীয়াকৈ, প্ৰতিষ্ঠানখনে জুলাইৰপৰা এক বিশেষ গ্ৰীষ্মকালীন শিবিৰৰো আয়োজন কৰিছে। সবিশেষৰ বাবে যোগাযোগ কৰিব পাৰে ৯৫০৮৬৮১৫০০ আৰু ৮৮৭৬৫১২০১৩ এই দুই নম্বৰত।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close