
নেচনেল ডেস্ক, প্ৰথম খবৰ: ২০১৫ চনত অসম চৰকাৰে গৃহীত কৰা অসম ডাইনী হত্যা প্ৰতিৰোধী বিধেয়কখনক অৱশেষত সোমবাৰে অনুমোদন জনালে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে৷ ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ লগে লগে এতিয়াৰে পৰা ডাইনী হত্যাক জামিনবিহীন অপৰাধ ৰূপে গণ্য কৰা হ’ব আৰু ডাইনী বুলি অভিযোগ আনিলে অভিযোগকাৰীয়ে ৭ বছৰ পৰ্যন্ত সশ্ৰম কাৰাদণ্ড আৰু ৫ লাখ টকা পৰ্যন্ত বিহিব লাগিব জৰিমণা৷