অসম

অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত,গ্ৰীষ্মকালীন “শিশু নাট কৰ্মশালা”

লালুকৰপৰা,বিতোপন শইকীয়া,প্ৰথম খবৰ:অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত,বিষ্ণুৰাভা শাখাৰ সৌজন্যত আৰু জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ সহযোগত গ্ৰীষ্মকালীন “শিশু নাট কৰ্মশালা” জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ পেক্ষাগৃহত আনুষ্ঠানিক শুভাৰম্ভ কৰা হয়। এই উপলক্ষ্যে পুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অভিনয় শিল্পী তথা পৰিচালক শ্ৰীযুত তোলন চন্দ্ৰ বৰা,অসম নাট্য সন্মিলনৰ আজীৱন সদস্য তথা বিষ্ণুৰাভা শাখাৰ উপদেষ্টা শ্ৰীযুত জয়চন্দ্ৰ গগৈ,বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তথা অসম নাট্য সন্মিলনৰ ৰাজ্যিক সদস্য শ্ৰীযুত দুলাল পূজাৰীদেৱে। মূল উদ্ধোধনী সভাখন সান্দহখোৱাৰ শ্ৰীযুত অনন্ত বৰাৰ নেতৃত্বত শিশু সকলৰ এটি সমবেত সঙ্গীতেৰে সভাৰ কাৰ্যসূচীৰ আৰম্ভ কৰা হয়। স্বৰ্ণপীঠ মণ্ডলৰ সভাপতি তথা অসম নাট্য সন্মিলনৰ উপ-সভাপতি শ্ৰীযুত হেমচন্দ্ৰ বৰুৱাদেৱে আনুষ্ঠানিকভাৱে শুভ উদ্ধোধন কৰা সভাখনত অসম নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি শ্ৰীযুত বিপিন চন্দ্ৰ বৰা,ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া তথা বিষ্ণুৰাভা শাখাৰ সভাপতি শ্ৰীযুত অয্যোধা পাৱে,অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা সুৰভি শাখা সাহিত্য সভাৰ সভাপতি শ্ৰীযুত কিৰন শইকীয়া, প্ৰাক্তন সভাপতি শ্ৰীযুত কিৰন পাৱে, ধুনাগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহ-শিক্ষক শ্ৰীযুত খগেন শইকীয়া ,বিহপুৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক শ্ৰীযুত কৃষ্ণকমল শইকীয়া, বিষ্ণুৰাভা শাখাৰ সম্পাদক শ্ৰীযুত বুল দত্ত, পিছলা উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক শ্ৰীযুত নিৰূদ বৰা,জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ সম্পাদক গৌতম কুমাৰ শইকীয়াকে প্ৰমূখ্য কৰি বহুকেইজন সাংস্কৃতিক কৰ্মী আৰু আৰু প্ৰশিক্ষাৰ্থী শিশুসকল উপস্থিত থাকে। লখিমপুৰ জিলা নাট্য সন্মিলনৰ সম্পাদক জয়ন্ত শইকীয়াই আতঁধৰা আৰু জাগৃতি সন্মিলিত উন্নয়ন কেন্দ্ৰৰ উপ-সভাপতি আবু চয়িদ খানে আদৰণি ভাষন প্ৰদান কৰা উদ্বোধনী অনুষ্ঠানত ৰাষ্ট্ৰীয় অভিনয় প্ৰতিষ্ঠান,দিল্লীৰ স্নাতক তথা নাট্য দলৰ সদস্যা শ্ৰীযুতা বনানী বৰা,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিবেশ্য কলা বিভাগৰ স্নানোকোত্তৰ শ্ৰী গীতাৰ্থ শৰ্মা আৰু শংকৰী নৃত্যৰ শ্ৰী কৃষ্ণ বৰুৱা প্ৰশিক্ষক হিচাবে উপস্থিত থাকে। উক্ত এমহীয়া প্ৰশিক্ষণত বিশিষ্ট নাট্যকাৰ শ্ৰীযুত নাজিম আহমেদ,দুৰদৰ্শন অভিনেতা শ্ৰীযুত জিণ্টু ভট্টাচাৰ্য, প্ৰসান্ত নেওগ, নাৰায়ণ শইকীয়া, নৃত্য শিল্পী সন্ধ্যাৰানী ফুকন বৰা,কুশল মৰাং,ৰমা মৰাংকে ধৰি বহুকেইজন বিশিষ্ট নাট্যকৰ্মীয়ে অংশগ্ৰহণ কৰিব। এই কৰ্মশালাখনি অহা ইং ৩১|৬|২০১৮ তাৰিখলৈকে অনুষ্ঠিত হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

Related Articles

Leave a Reply

Close