অসমশীৰ্ষ

অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতিৰ মৃত্যুত শোঁক

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা জকাই সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰীয়া সংস্কৃতিৰ সাধক, প্ৰচাৰ প্ৰসাৰক সত্ৰাধিকাৰ ভদ্ৰকৃষ্ণ গোস্বামী প্ৰভুদেৱৰ বুধবাৰে ৮৫ বছৰ বয়সত পৰলোক প্ৰাপ্তি ঘটে। অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা সত্ৰাধিকাৰ গোস্বামীৰ বিয়োগ সত্ৰীয়া সমাজখনৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হয়। উল্লেখ্য যে অসম সত্ৰ মহাসভাৰ বাবে দুবাৰকৈ সভাপতিৰ পদ অলংকৃত কৰা ভদ্ৰকৃষ্ণ গোস্বামীৰ নেতৃত্বত অসম সত্ৰ মহাসভাই গুৱাহাটীৰ পৰা ভেলা মধুপুৰ অৰ্থাৎ নামনি অসমলৈ সত্ৰ মহাসভাক শক্তিশালী ৰূপ প্ৰদান কৰিছিল। গোস্বামী প্ৰভুৰ এই বিয়োগত শোক প্ৰকাশ কৰিছে শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱা, কাৰ্য্যকৰী সভাপতি নিৰঞ্জন মহন্ত আৰু সম্পাদক গৌতম কোঁচে৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শিৱসাগৰ জিলাৰ সত্ৰ মহাসভাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে।

Related Articles

Leave a Reply

Close