অসমশীৰ্ষ

আক্ৰাছুৰ ২৪ ঘন্টীয়া অসম বন্ধত গোৱালপাৰাত বিক্ষিপ্ত হিংসা

দুধনৈৰ পৰা ভৱেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ: কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত আক্ৰাছুৱে আহ্বান জনোৱা ২৪ ঘন্টীয়া অসম বন্ধৰ প্ৰভাৱ আজি সৰ্বাত্মক ৰূপত পৰিলক্ষিত হয় গোৱালপাৰা জিলাৰ দুধনৈ, দামৰা, ৰংজুলি, ধনুভঙা, ধুপধৰা আদি ঠাইত। ৰাতিপুৱা ৫ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধত পুৱাৰ পৰাই দুধনৈ দামৰা ৰোড, দুধনৈ এ এছ টি চি বাছ ষ্টেচন, দুধনৈ কলেজ ৰোড আৰু গোৱালপাৰা পথত আক্ৰাছুৰ সমৰ্থকসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে আৰু ৰংজুলি আৰু কৃষ্ণাইৰ বেকীপুলত একাংশ সমৰ্থকে যান-বাহনলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাত যানবাহনৰ বিস্তৰ ক্ষতি সাধন হয়। সোমবাৰৰ এই বন্ধত গোৱালপাৰাত সকলো চৰকাৰী কাৰ্যালয়, দোকান-পোহাৰ, যান-বাহনৰ চলাচল বন্ধ হৈ পৰে যদিও অসম পৰিবহন নিগমৰ কিছু সংখ্যক যাত্ৰীবাহী বাছ আৰক্ষীৰ পহৰাত চলাচল কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close