অসমবিনোদন

আমাৰ সভ্যতা আৰু সংস্কৃতি ধৰি ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে:নিপন গোস্বামী

প্ৰথম খবৰ,চেঙা:”প্ৰথমতে লক্ষ্য হ’ব লাগিব এজন ভাল মানুহ হোৱাৰ,নিজকে একো একোজন ভাল নাগৰিক হিচাপে গঢ়ি তোলাৰ। আমাৰ ৰাজ্যখনক,আমাৰ জাতিটোক আগবঢ়াই নিয়াৰ স্বাৰ্থত আমাৰ সভ্যতা আৰু সংস্কৃতি ধৰি ৰাখিব লাগিব ছাত্ৰ-ছাত্ৰীসকলে’।বৰপেটা জিলাৰ নগাঁৱত এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বিশিষ্ট অভিনেতা নিপন গোস্বামীয়ে। উল্লেখ্য যে  বৰপেটাৰ নগাঁওৱত কৃতী শিক্ষক প্ৰয়াত অভয় পাটোৱাৰীৰ স্মৃতিত,গুৱাহাটীৰ ৰিহাবাৰীত অৱস্থিত ‘জীৱাংক ৱেলফেয়াৰ ছ’চাইটি’ আৰু ‘অভয় এডুকেশ্যনৰ’ উদ্যোগত তিনি গৰাকী বিশেষ কৃতীমান ছাত্ৰ-ছাত্ৰী ক্ৰমে হিৰণ্য ডেকা, অজয় পাঠক আৰু হৰ্ষিতা দাসক উদ্দীপনা জগোৱাৰ উদ্দেশ্যে আয়োজিত হৈছিল এক বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত বিশিষ্ট অভিনেতাজনে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী কেইগৰাকীক সম্বোধন কৰাৰ পাছত ‘জীৱাংক ৱেলফেয়াৰ ছ’চাইটি’ আৰু ‘অভয় এডুকেশ্যনৰ’ পৰা মান-পত্ৰ,গামোচা আৰু অভিধানেৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে ৫,০০০ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়ায়। এই অনুষ্ঠানত যুৱ অভিনেতা উপাংকৰ শৰ্মাও উপস্থিত থাকে। কৃতী শিক্ষক প্ৰয়াত অভয় পাটোৱাৰীৰ বাসগৃহত অনুষ্ঠিত এই অনুষ্ঠানত পাটোৱাৰীৰ সহধৰ্মিনী প্ৰীতিলতা পাটোৱাৰী,পুত্ৰদ্বয় দীপাংকৰ আৰু মৃগাংক পাটোৱাৰী আৰু ভতিজা ধ্ৰুৱজিৎ পাটোৱাৰীয়ে উপস্থিত থাকি অনাগত দিনতো দুখীয়া কৃতী ছাত্ৰ-ছাত্ৰীসকলক এনেদৰে উৎসাহিত কৰিবলৈ প্ৰয়াস অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close