অসমশীৰ্ষ

একাংশ দুষ্টচক্ৰই পৰিকল্পিতভাৱে এন আৰ চিৰ উন্নীতকৰণত বাধা প্ৰদানৰ অপচেষ্টা চলাইছে- আজিজুল ৰহমান

বৰপেটাৰপৰা ছফিক আহমেদ, প্ৰথম খবৰ: আহোমৰ অসম আগমনৰ পূৰ্বৰ পৰাই অসমভূমিৰ জলবায়ু আৰু পানীৰে মিলি অসমমাতৃক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত যিকোনো পৰিস্থিতিতে অকণো কৃপণালি নকৰা অসমৰ ভূমিপুত্ৰ গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় লোক সকল এতিয়া জাতীয় পৰিচয়ৰ সংকটত। প্ৰকৃত অসমীয়া হৈওঁ একমাত্ৰ মুছলমান ধৰ্মাৱলম্বী হোৱা হেতুকে সময়ে সময়ে সন্দেহজনক নাগৰিক, ডি ভোটাৰেৰে নিৰ্যাতন ভূগিব লগা হৈছে এইসকল জনগোষ্ঠীৰ লোকে৷ এই মন্তব্য সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আজিজুল ৰহমানৰ। এক প্ৰেছ বিজ্ঞপ্তিত সম্পাদক গৰাকীয়ে কয় যে ৮৫৫ গৰাকী বীৰ ছহিদৰ কেচা তেজৰ বিনিময়ত সাক্ষৰিত অসম চুক্তিৰ আধাৰত মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা এন আৰ চি উন্নীতকৰণে অসমত বসবাস কৰা অবৈধ বিদেশীৰ সন্দৰ্ভত এক স্পষ্ট ধাৰণা দিছে আৰু এন আৰ চিয়ে অসমৰ ৪০ বছৰীয়া বিদেশী সমস্যাটো দূৰীকৰণত বিশেষভাৱে ভূমিকা পালন কৰিব। এন আৰ চিৰ উন্নীতকৰণত পৰিকল্পিতভাৱে বাধা প্ৰদান কৰিব খোজা কোনো দুষ্টচক্ৰৰ অপপ্ৰচাৰত ভোল নাযাবলৈ সকলো অসমবাসীকে আহ্বান জনায় সাধাৰণ সম্পাদকগৰাকীয়ে৷ এই ক্ষেত্ৰত দুষ্টচক্ৰৰ অভিযান আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি ৩০ জুলাইত প্ৰকাশ পাব লগা এন আৰ চিৰ চূড়ান্ত খচৰাত যদি কোনো গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰে তেন্তে সেই সকল লোকে পৰিষদৰ আঞ্চলিক অথবা জিলা সমিতিৰ লগত যোগাযোগ কৰিব পৰাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত পৰিষদে উৰ্ধতম কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি সহায়-সহযোগিতা আগবঢ়াব বুলিও বিবৃতিত জানিবলৈ দিয়ে সাধাৰণ সম্পাদক গৰাকীয়ে৷

Related Articles

Leave a Reply

Close