অসমশীৰ্ষ

এজাক বৰষুণতে এম এল এ হোষ্টেলত একাঁঠু পানী

বিশ্বজিৎ দাসৰ ৰীপৰ্ট, প্ৰথম খবৰ: আজি দুপৰীয়া গুৱাহাটীত অহা এজাক মুছলধাৰ বৰষুণে বুঢ়াই পেলালে গুৱাহাটীৰ দিছপুৰস্থিত বিধায়ক আৱাস। হঠাৎ অহা এজাক বৰষুণতে জলমগ্ন আৰু বন্ধ হৈ পৰিল বিধায়ক আৱাসৰ দুৱাৰ। পৰিৱৰ্তনগামী চৰকাৰখনৰ বিধায়ক আৱাসৰ এই পৰিৱেশ দেখি এতিয়া সৰ্বসাধাৰণ ৰাইজৰ মাজত প্ৰশ্নৰ উদ্ৰেক হৈছে যে পৰৱৰ্তী সময়ত এই চৰকাৰখনে ৰাজ্যৰ বানপানীৰ সমস্যা ৰোধ কৰিবলৈ সক্ষম হ’বনে! এজাক বৰষুণতে একাঁঠু পানী হোৱা এই বিধায়ক আৱাসৰ উন্নয়ণৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত এই আৱাস পানীৰ কৱলৰ পৰা ৰক্ষা কৰিবলৈ কি ব্যৱস্থা হাতত ল’ব সেয়া পৰৱৰ্তী সময়তহে লক্ষ্যণীয় হ’ব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close