অসমশীৰ্ষ

এন আৰ চিকলৈ বৰপেটা জিলাবাসীক ধন্যবাদ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ

প্ৰথম খবৰ, চেঙা: দীৰ্ঘদিনীয়া প্ৰতীক্ষাৰ অন্তত সোমবাৰে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পিছত বিজয় উৎসৱেৰে মুখৰিত হৈ পৰে বৰপেটা জিলাৰ চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ শ্বহীদ ভৱনৰ বাকৰি। এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত এনআৰচিৰ খচৰা প্ৰকাশৰ এই দিনটোক স্বাভাৱিকতে আছুৰ সদস্যসকলে বিজয় দিৱস হিচাপে বিবেচনা কৰিছে। সোমবাৰে এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পাছতেই চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এন আৰ চিৰ সৈতে জড়িত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি উপস্থিত ৰাইজৰ মাজত মিঠাই বিতৰণ কৰে৷ ইফালে বৰপেটাৰ জিলা উপায়ুক্ত থানেশ্বৰ মালাকাৰে অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱা আৰু চেঙা ৰাজহ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসৰ সৈতে পৰিস্থিতিৰ বুজ ল’বলৈ আহি উপস্থিত হয় চেঙা আছু কাৰ্যালয়ৰ শ্বহীদ ভৱনত। সোমবাৰৰ এই ঐতিহাসিক দিনটোত চেঙা আছু আৰু চেঙা ঐক্য সন্মিলনে অভ্যাসগত সকলকে ফুলাম গামোচা, গছপুলি আৰু গ্ৰন্থৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে। এই সম্বৰ্ধনা অনুষ্ঠানৰ আঁত ধৰে প্ৰাক্তন ছাত্ৰ নেতা খনীন পাঠকে। সম্বৰ্ধনা গ্ৰহণ কৰি উপায়ুক্তগৰাকীয়ে আজিৰ দিনটোক ঐতিহাসিক দিন বুলি উল্লেখ কৰি এন আৰ চি প্ৰকাশৰ ক্ষেত্ৰত আছুৰ ভূমিকাক শলাগ লয়। এন আৰ চি ঘোষণাৰ পিছত বৰপেটা জিলাত শান্তিপূৰ্ণ ভাবে চূড়ান্ত খচৰা প্ৰত্যক্ষ কৰাৰ কথা উল্লখ কৰি বৰপেটা জিলাত তিনি লাখ একসত্তৰ হাজাৰ আবেদন পত্ৰৰ জড়িয়তে ঊনৈশ লাখ সাতাইশ হাজাৰ লোকে আবেদন কৰিছিল বুলি জিলা উপায়ুক্তই জানিবলৈ দিয়ে। আনহাতে বৰপেটা জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে যদিও ১৪৪ ধাৰা প্ৰয়োগ কৰিব লগীয়া হোৱা নাই বুলিও উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে। বৰপেটা জিলাত শান্তিপূৰ্ণ পৰিবেশ অটুট ৰখাৰ বাবে জিলাবাসীক ধন্যবাদ জনায় উপায়ুক্তগৰাকীয়ে। বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱাই বৰপেটা জিলাত পৰ্য্যাপ্ত পৰিমাণে নিৰাপত্তা ৰক্ষীৰ ব্যৱস্থা কৰাৰ লগতে নটা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োগ কৰা হৈছে বুলি জানিবলৈ দি বৰপেটা জিলাত শান্তিপূৰ্ণ পৰিৱেশ বিৰাজমান বুলি কয়। তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাস, অৰ্ধসামৰিক বাহিনীৰ সহকাৰী অধিনায়ককে ধৰি কেইবাগৰাকী আৰক্ষী প্ৰশাসনৰ লোকো সোমবাৰে উপস্থিত থাকে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ স’তে। উল্লেখনীয় যে পাইলট প্ৰজেক্টৰ সময়ত বৰপেটাত এক দুষ্ট চক্ৰই পৰিৱেশ অশান্ত কৰি তুলিছল যদিও এইবেলি বৰপেটা জিলা প্ৰশাসনৰ তৎপৰতা আৰু ৰাইজৰ এন আৰ চিৰ প্ৰতি থকা সদিচ্ছাৰ বাবেই এক শান্তি পূৰ্ণ পৰিৱেশ পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Close