অসমশীৰ্ষ

এন এইচ পিচি-নীপকোৰ দায়িত্ববাহী বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

প্ৰথম খবৰ, লখিমপুৰ: শিঙৰাকে ধৰি লখিমপুৰ জিলাৰ বিভিন্ন নদ-নদীৰ বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে জিলাখনৰ শেহতীয়া বান পৰিস্থিতি পৰ্যালোচনাৰ উদ্দেশ্যে লখিমপুৰত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে লখিমপুৰ জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এন এইচ পিচি আৰু নীপকোৰ দ্বায়িত্ববাহী বিষয়া সকলৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে জিলাখনৰ ভয়াবহ বান পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে এন এইচ পিচি আৰু নীপকো কৰ্তৃপক্ষৰ সহযোগ কামনা কৰাৰ লগতে বানপানীৰ সময়ত নীপকো কৰ্তৃপক্ষক লখিমপুৰ জিলা প্ৰশাসনৰ সৈতে সহযোগিতা ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়। লখিমপুৰ জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণসূচী লৈ বুধবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ সৈতে লখিমপুৰত উপস্থিত হোৱা জলসম্পদ দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তৰ লগতে বৃহস্পতিবাৰৰ পৰ্যালোচনা সভাত নাওবৈছাৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী, বিহপুৰীয়াৰ বিধায়ক দেবানন্দ হাজৰিকা, ধেমাজিৰ বিধায়ক ডাঃ ৰানোজ পেগু, অসম চৰকাৰৰ ৰাজহ বিভাগৰ মুখ্য সচিব ৰাজেশ প্ৰসাদ, লখিমপুৰৰ উপায়ুক্ত ডাঃ জীৱন বি আৰু আৰক্ষী অধীক্ষকগৰাকী উপস্থিত থাকে।

উল্লেখ্য যে, এন এইচ পিচিৰ কাৰ্যবাহী সঞ্চালক মিষ্টাৰ ৰাকেশ, নীপকোৰ পৰেশ চন্দ্ৰ বৈশ্যই অংশগ্ৰহণ কৰা আলোচনাত মুখ্যমন্ত্ৰী গৰাকীয়ে বিশেষকৈ নীপকো কৰ্তৃপক্ষক বানপানীৰ সময়ছোৱাত জিলা প্ৰশাসনৰ সৈতে সহযোগিতা ৰক্ষা কৰি চলিবলৈ আহ্বান জনায় আৰু পৰ্যালোচনা সভাখনৰ আলোচনা কালত মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকলক সম্ভাব্য বান পৰিস্থিতিৰে মোকাবিলা কৰিব পৰাকৈ সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। সাংবাদিকৰ বাবে নিষিদ্ধ এই ৰুদ্ধদ্বাৰ বৈঠকখনত প্ৰধানতঃ বানপানীৰ পিছত লব লগা সাৱধানতা আৰু বান ব্যৱস্থাপনা আদি বিষয় সমূহৰ ওপৰতো পৰ্যালোচনা হয় বুলি জানিব পৰা যায় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close