অসমশীৰ্ষ

ওদালগুৰিত আক্ৰাছুৰ অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: সদৌ  অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু সহযোগী সংগঠন সমূহে আহ্বান জনোৱা পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আজি ৰাতিপুৱা পাঁচবজাৰ পৰা আৰম্ভ হোৱা অসম বন্ধত ওদালগুৰি জিলাৰ ভেৰগাৱ মহকুমাৰ ডিমাকুছিত দেখা পোৱা গ’ল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ৷

আক্ৰাছুৰ এই ২৪ ঘন্টীয়া অসম বন্ধৰ ফলত ডিমাকুছিত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাৰ লগতে বন্ধ হৈ পৰে সকলো দোকান-পোহাৰ আৰু চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close