অসমশীৰ্ষ

ওদালগুৰি জিলাৰ ডিমাকু্‌ছিত কিশোৰী নিৰুদ্দেশৰ ঘটনা

ডিমাকুছিৰ পৰা তীৰ্থ শৰ্মা, প্ৰথম খবৰ: ওদালগুৰি জিলাৰ ভেৰগাঁৱ মহকুমাৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বেগুনবাৰি গাঁৱৰ পৰা এগৰাকী কিশোৰী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে ডিমাকুছি বেগুন বাৰিৰ ৰত্ন বাহাদুৰ লামাৰ ১৭ বছৰীয়া কন্যা সুৰভি লামা যোৱা ২২ জুলাইৰ পুৱা ১০ মান বজাৰ পৰাই ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে৷ ডিমাকুছি বেগুন বাৰিৰ ডিমাকুছি হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী গৰাকীক পৰিয়ালৰ লোকে চাৰিওফালে বিচাৰি চলাথ কৰিও নোপোৱাত অৱশেষত ডিমাকুছি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে ছোৱালীগৰাকীৰ কোনো সুংশুত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালবৰ্গই। কোনো সদাশয় ব্যক্তিয়ে ছোৱালীজনীৰ সম্ভেদ পালে অতি শীঘ্ৰে স্থানীয় আৰক্ষী থানা অথবা ৯৯৫৪২৬৯৩৩৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ছোৱালীগৰাকীৰ পৰিয়ালৰ লোকে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close