অসমশীৰ্ষ

কমাৰগাওঁৰ এটা পৰিয়ালৰ প্ৰকৃতিপ্ৰেমী নিদৰ্শন, দুষ্প্ৰাপ্য কেকো সাপ উদ্ধাৰ কৰি গতাই দিলে বনবিভাগক

প্ৰথম খবৰ, খুমটাই: নুমলীগড় খণ্ড বন কাৰ্যালয়ৰ অধীনস্থ বৃহত্তৰ কমাৰগাওঁ আঞ্চলৰ বৰদিহিঙীয়া গাঁৱৰ নিবাসী তথা আদৰ্শ শিক্ষক দিব্যজ্যেতি ঢেকিয়াল ফুকনৰ পৰিয়ালবৰ্গই দেখুৱালে এক বিৰল প্ৰকৃতিপ্ৰেমী নিদৰ্শন। নিজ বাসগৃহৰ পৰা এটা দুষ্প্ৰাপ্য কেকো সাপ উদ্ধাৰ কৰি বনবিভাগৰ হাতত গতাই দিয়াৰ ফলত বনবিভাগৰ লগতে আজি সচেতন লোকৰো শলাগৰ পাত্ৰ হৈ পৰে শিক্ষক দিব্যজ্যোতি ঢেকিয়াল ফুকনৰ পৰিয়ালবৰ্গ। উল্লেখ্য যে শুক্ৰবাৰে সন্ধিয়া ৭ মান বজাত কাষৰ হাবিৰ পৰা এটা কেকো সাপ আহি দিব্যজ্যেতি ঢেকিয়াল ফুকনৰ বাৰাণ্ডাত থিতাপি লোৱাত বাসগৃহত থকা শিক্ষক পত্নী ৰেখা ঢেকিয়াল ফুকন সহিতে কন্যা দৃষ্টি ঢেকিয়াল ফুকন আৰু পুত্ৰ দিবৰাগ ঢেকিয়াল ফুকনে প্ৰথমে বাৰাণ্ডাত সাপটো প্ৰত্য়ক্ষ কৰে আৰু লগেলগে গাওঁবুঢ়া আৰু স্থানীয় সংবাদকৰ্মীক খবৰ দিয়াত নুমলীগড় খণ্ড বন বিষয়া দিলিপ কাকতিয়ে শিক্ষক দিব্যজ্যোতি ঢেকিয়াল ফুকনৰ বাসগৃহত উপস্থিত হৈ কেকো সাপটো কৌশলেৰে ধৰে আৰু চমজি লয়। আদৰ্শ শিক্ষক দিব্যজ্যোতি ঢেকিয়াল ফুকন আৰু তেওঁৰ পৰিয়ালৰ এনে মানবীয়তা আৰু প্ৰকৃতিপ্ৰেমী নিদৰ্শনৰ শলাগ লয় বন বিষয়া দিলিপ কাকতিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close