অসম

কৃষকৰ আশাৰ খেতি দৰা এতিয়া পানীৰ তলত   

বিঘাই বিঘাই গেলিছে বড়ো-আহু ধানৰ খেতি

ঢকুৱাখনাৰপৰা পাপু বৰুৱা, প্ৰথম খবৰ:   বিগত সপ্তাহত নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা জীয়াঢল,কুমতিয়া আৰু কঢ়া নৈ ৰ পানীৰে জলমগ্ন কৰি তোলে ঢকুৱাখনা মহকুমাৰ সোৱণশিৰি ৰাজহ চক্ৰৰ ত্ৰিশ খনৰো অধিক গাঁও। বানৰ কবলত পৰা আন আন গাঁও সমূহৰ লগতে ৰূপহী আৰু বিলাহী কৃষি প্ৰধান এই গাঁও লোকে নির্ভৰ কৰে আহু আৰু বড়ো ধানৰ খেতিৰ ওপৰত। কিন্তু শেহতীয়াকৈ অহা এই বানে ১৫ দিনৰো অধিক সময় পথাৰ সমূহ বুৰাই ৰখাত পানীৰ তলতে গেলিছে এই গাঁও দুখনৰ দুশ বিঘৰো অধিক বড়ো আৰু আহু ধানৰ খেতি।কোনো কৃষকে পানীৰ তলৰ পৰা অশেষ কষ্টৰে দাই মেলি পথৰ দাঁতিত আৰু ওখ স্থানত মেলিছে যদিও পানীতে গজালি মেলা এই ধান খোৱাৰ যে অনুপযোগী হব ই নিশ্চিত। বানৰ কবলত পৰা আন আন এলেকা সমূহতো দেখা গৈছে অনুৰূপ দৃশ্য। লহপহকৈ বাঢ়ি অহা খেতি দৰা চকুৰ সন্মুখত এনে অৱস্থা দেখি মূৰত সৰগ ভাগি পৰিছে কৃষকৰ।কিন্তু এই ক্ষেত্ৰত কোনো তৎপৰতা নাই কৃষি বিভাগৰ। একেদৰে প্ৰশাসনৰ মৌনতাই চকু কপালত তুলিছে কৃষকৰ। বছৰি সংহাৰী বানে কৃষকৰ আশাৰ খেতি দৰা টছনছ কৰি যোৱাৰ পিছতো পৰিবৰ্তনকমী চৰকাৰে বছৰি প্ৰদশন কৰি অহা উদাসীনতাক ধিক্কাৰ দি শীঘ্ৰে দুৰ্ভগীয়া কৃষক সকলক সহায়ৰ দাবী জনাইছে ঢকুৱাখনাৰ সচেতন মহলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close